টীয়কত এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণ; নিৰ্বিকাৰ বন বিভাগ - rhino terror in teok

By ETV Bharat Assamese Team

Published : May 12, 2024, 10:41 AM IST

thumbnail
টীয়কত এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণ; নিৰ্বিকাৰ বন বিভাগ (Etv bharat assam)

টীয়ক, 12 মে’: ৰাজ্যত অব্যাহত বন্য জন্তু আৰু মানুহৰ সংঘাত ৷ এইবাৰ যোৰহাট জিলাৰ টীয়কত পৰিলক্ষিত হৈছে এশিঙীয়া গঁড়ৰ আতংক ৷ জাঁজীমুখৰ চাপৰিত এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণে আতংকিত কৰি তুলিছে স্থানীয় লোকসকলক । 

টীয়কৰ ওপৰ শগুণপাৰা সোণাই চাপৰিত গঁড়টো ৰাইজে প্ৰত্যক্ষ কৰে বুলি জানিবলৈ দিছে । যিয়ে চাপৰিত থকা গুৱালসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, বৰ্তমান চাপৰিৰ মাজৰ ঝাও বনৰ মাজত আশ্ৰয় গ্ৰহণ কৰি আছে গঁড়টোৱে । এশিঙীয়া গঁড়টো প্ৰত্যক্ষ কৰাৰ পাচতে শনিবাৰৰ পুৱাই যোৰহাট বন বিভাগত এই সন্দৰ্ভত অৱগত কৰা হৈছিল যদিও বাতৰি যুগুত কৰা পৰলৈকে স্থানডোখৰত বন বিভাগৰ লোক উপস্থিত হোৱা নাই বুলি অভিযোগ তুলিছে স্থানীয় লোকে ।

অঞ্চলজুৰি ত্ৰাসৰ সৃষ্টি কৰা এশিঙীয়া গঁড়টো শীঘ্ৰে খেদি পঠিয়াবলৈ বন বিভাগক আহ্বান জনাইছে আতংকিত ৰাইজে ।

লগতে পঢ়ক: গঁড় খেদিবলৈ অহা বনকৰ্মীৰ গুলীত আহত যুৱক - Rhino terror

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.