ETV Bharat / state

গঁড় খেদিবলৈ অহা বনকৰ্মীৰ গুলীত আহত যুৱক - Rhino terror

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 4:22 PM IST

Rhino terror: গৰু বিহুৰ দিনাই দেৰগাঁৱত এটাৰ পিচত আন এটা ঘটনা সংঘটিত হৈছে । প্ৰথমে পুৱা গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন যুৱক । এইবাৰ গঁড় খেদিবলৈ অহা বনকৰ্মীয়ে নিক্ষেপ কৰা ৰবৰ বুলেটৰ আঘাতত আহত আন এজন যুৱক ।

Rhino terror
গঁড় খেদিবলৈ অহা বনকৰ্মীৰ গুলীত আহত যুৱক

গঁড় খেদিবলৈ অহা বনকৰ্মীৰ গুলীত আহত যুৱক

গোলাঘাট,১৩ এপ্ৰিল : ৰাজ্যবাসী অসমীয়া নৱবৰ্ষক আদৰাত ব্যস্ত আৰু দেৰগাঁৱৰ একাংশ লোক পুৱাৰে পৰা গঁড় খেদাত ব্যস্ত হৈ পৰিছে । এটা গঁড়ৰ মুক্ত বিচৰণে আতংকিত কৰি তুলিছে দেৰগাঁওবাসীক । কেৱল এয়াই নহয় গৰু বিহুৰ পুৱাই গঁড়টোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন লোক । সেই ঘটনাক লৈ চাঞ্চল্য অব্যাহত থকাৰ মাজতে অঞ্চলটোত আন এক ঘটনা । এইবাৰ বনকৰ্মীৰ গুলীত আহত হ'ল এজন যুৱক । গঁড় খেদিবলৈ অহা বনকৰ্মীৰ ৰবৰ বুলেটত আঘাতপ্ৰাপ্ত যুৱকজন ।

উল্লেখ্য যে পুৱাই মুক্ত বিচৰণ কৰি থকা গঁড়টোৱে এজন যুৱকক আক্ৰমণ কৰে । লগে লগে অঞ্চলটোৰ লোকসকলে বন বিভাগক খবৰ দিয়ে । খবৰ পোৱাৰ পিচত বন বিভাগৰ লোক সেই স্থানত উপস্থিত হৈ গঁড়টোক খেদি পঠিওৱাৰ চেষ্টা চলায় ।

দেৰগাঁৱৰ ভিতৰুৱা ৰঙামাটি অঞ্চলত বনকৰ্মীসকলে গঁড়টোক কাজিৰঙালৈ খেদি পঠিয়াবলৈ ৰবৰ বুলেট নিক্ষেপ কৰে । ঠিক তেনে সময়তে বনকৰ্মীয়ে নিক্ষেপ কৰা ৰবৰ বুলেট গৈ নাছিউদ্দিন নামৰ এজন যুৱকৰ কাণত আঘাত কৰে । স্থানীয় ৰাইজে নাছিউদ্দিনক ততালিকে দেৰগাঁৱৰ সামূহিক চিকিৎসালয়ত প্ৰেৰণ কৰে ।

ইফালে ঘটনাটোক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । স্থানীয় ৰাইজ আৰু বন বিভাগৰ লোকৰ মাজত তীব্ৰ বাক বিতণ্ডা হোৱাও দেখা যায় । অৱশ্যে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে এতিয়াও গঁড়টোক খেদি পঠিয়াবলৈ বন বিভাগ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰচেষ্টা অব্যাহত ৰাখিছে । কিন্তু গৰু বিহুৰ দিনাই দেৰগাঁৱত সংঘটিত এই ঘটনাই ৰাইজক শংকিত কৰি তুলিছে ।

লগতে পঢ়ক :দেৰগাঁৱত গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱক - Rhino Attack

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.