দেৰগাঁৱত গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱক - Rhino attack

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 12:52 PM IST

thumbnail

দেৰগাঁও,১৩ এপ্ৰিল : ৰঙালী বিহুক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । কিন্তু গৰু বিহুৰ পুৱাই গোলাঘাট জিলাৰ দেৰগাঁৱত ভয়ংকৰ ঘটনা । গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন যুৱক । আহত যুৱকজন লাটু দাস বুলি চিনাক্ত হৈছে । দেৰগাঁৱৰ হাঁহচৰাত পুৱাই এই ঘটনা সংঘটিত হয় । গঁড়ৰ আক্ৰমণৰ ভয়ংকৰ দৃশ্য মোবাইলৰ কেমেৰাত বন্দী হৈছে ।

পুৱা গেলাবিল নদীৰ কাষতে থকা এটা গঁড়ে যুৱকজনক আক্ৰমণ কৰে । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক দেৰগাঁৱৰ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিচত উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হয় ।

জানিব পৰা মতে পুৱাৰে পৰা দেৰগাঁৱৰ গেলাবিল নদীৰ কাষতে গঁড়টোৱে মুক্ত বিচৰণ কৰি আছিল । স্থানীয় লোকসকলে এই কথা বন বিভাগক অৱগত কৰিছিল যদিও সময়ত বনকৰ্মী উপস্থিত নোহোৱাৰ অভিযোগ কৰিছে ৰাইজে । ইফালে যুৱকজনক আক্ৰমণ কৰাৰ পিচত বহু পলমকৈ মাত্ৰ দুজন বনৰক্ষী সেই স্থানত উপস্থিত হয় । এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :আধুনিকতাৰ ধামখুমীয়াৰ মাজতো চহা অসমীয়াৰ চোতালত আজি গৰু বিহু - RONGALI BIHU 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.