পুৰণিক বিদায় আৰু নতুনক আদৰাৰ প্ৰস্তুতিত সুৰাপান কৰিবলৈ গৈ বিপদ চপাই নল’ব

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 10:19 AM IST

thumbnail

গুৱাহাটী, ১৫ ডিচেম্বৰ : সুৰাপায়ী চালকসকলৰ বিৰুদ্ধে নিশা মহানগৰীৰ ৰাজপথত পৰিবহণ বিভাগৰ অভিযান । বনভোজৰ বতৰৰ লগতে সমাগত ৩১ ডিচেম্বৰৰ উপলক্ষে পৰিবহণ বিভাগৰ এই অভিযান । বৃহস্পতিবাৰে নিশাৰ ভাগত খানাপাৰাত চলিল পৰিবহণ বিভাগৰ নিছিদ্ৰ অভিযান ।

সৰু ডাঙৰ প্ৰতিখন বাহন ৰখাই আৰক্ষীয়ে চলাইছে কটকটীয়া তালাচী । এই উৎসৱৰ সময়ছোৱাত যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবেই এই অভিযান । অভিযানকালত পৰিবহণ বিষয়া হিমাংশু দাসে জনোৱা অনুসৰি, প্ৰতিদিনে চলিব সুৰাপায়ীৰ বিৰুদ্ধে এই অভিযান । বনভোজ খাবলৈ যোৱা দলসমূহৰ বাবেও থাকিব বিশেষ নীতি-নিৰ্দেশনা ।

প্ৰতিটো বনভোজস্থলী নিৰীক্ষণ কৰিব পৰিবহণ বিভাগে । বনভোজস্থলীত প্ৰৱেশ আৰু প্ৰস্থানৰ সময়ত চালকে সুৰাপান কৰিছে নেকি প্ৰতিদিনে পৰীক্ষা কৰা হ’ব । সুৰাপান কৰি বাহন চলোৱাসকলৰ প্ৰতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰিবহণ বিভাগে । বছৰৰ শেষৰ দিনকেইটাৰ লগতে আগন্তুক ১ জানুৱাৰীত নৱবৰ্ষক আদৰাৰ বাবে সকলো উদগ্ৰীৱ হৈ থাকে । কিন্তু আনন্দৰ দিনটোতে সংঘটিত হয় বিভিন্ন ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা । সেয়েহে আনন্দৰ মাজতে যাতে কাৰো ঘৰলৈ কান্দোনৰ ৰোল নাহে তাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পৰিবহণ বিভাগে এই পদক্ষেপ গ্ৰহণ কৰা বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : 16 ডিচেম্বৰৰ পৰা তিনি দিনীয়াকৈ অষ্টম আন্তর্জাতিক কৃষি উদ্যান শস্য মেলা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.