Training in machine cutting of muga: ৰঙিয়াত মেচিনেৰে মুগা আৰু এৰি সূতা কটাৰ প্ৰশিক্ষণ

By

Published : Mar 25, 2023, 8:08 AM IST

thumbnail

ৰঙিয়া, 25 মাৰ্চ : ৰঙিয়াৰ গ্ৰাম স্বৰাজ পৰিষদত চলি আছে মেচিনেৰে মুগা আৰু এৰি সূতা কটাৰ প্ৰশিক্ষণ (Training in machine cutting of muga and eri yarn) । কেন্দ্ৰীয় ৰেচম ব’ৰ্ডৰ উদ‍্যোগত আৰু ৰঙিয়া গ্ৰাম স্বৰাজ পৰিষদৰ সহায়ত চলি থকা প্ৰশিক্ষণত বৰ্তমান ৰঙিয়াৰ ৩০ গৰাকী মহিলাই অংশগ্ৰহণ কৰিছে (Training in spinning of muga and eri yarn) । ২৫ দিনীয়া এই প্ৰশিক্ষণত এইসকল দৰিদ্ৰ মহিলাক দীপালী ৰাভাই প্ৰশিক্ষণ দি আছে । 

মূলতঃ অত‍্যাধুনিক 'সোনালিকা' নামৰ ক্ষুদ্ৰ মেচিনৰ জৰিয়তে কম সময়ত অধিক সূতা উৎপাদন কৰাৰ প্ৰশিক্ষণ দি থকা হৈছে মহিলাসকলক । প্ৰশিক্ষক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি হাতেৰে সূতা কাটি দৈনিক এশ টকা উপাৰ্জন কৰাৰ সলনি এইসকল মহিলাই এই প্ৰশিক্ষণৰ জৰিয়তে পৰৱৰ্তী সময়ত দৈনিক তিনিশ টকাৰ পৰা এহেজাৰ টকালৈকে উপাৰ্জন কৰিব পাৰিব । ভৱিষ্যতে যদিহে মহিলাসকলে চৰকাৰী অনুদান সম্পন্ন এই মেচিন লাভ কৰিবলৈ সক্ষম হয়, তেতিয়া হ’লে তেওঁলোকে আত্মনিৰ্ভৰশীল হ’বলৈ সক্ষম হ’ব । প্ৰশিক্ষাৰ্থীসকল এইলৈ যথেষ্ট আনন্দিত আৰু উৎসাহিত হৈ পৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : Guwahati to Tawang helicopter service: ১ এপ্ৰিলৰ পৰা গুৱাহাটী-টাৱাঙলৈ চলিব Skyone MI -172 হেলিকপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.