ETV Bharat / state

Guwahati to Tawang helicopter service: ১ এপ্ৰিলৰ পৰা গুৱাহাটী-টাৱাঙলৈ চলিব Skyone MI -172 হেলিকপ্তাৰ

author img

By

Published : Mar 24, 2023, 10:36 PM IST

Updated : Mar 24, 2023, 10:42 PM IST

পৰ্যটকসকলৰ বাবে সুখবৰ ৷ পুনৰ মুকলি হ’ল গুৱাহাটীৰ পৰা টাৱাঙলৈ যোৱা হেলিকপ্তাৰ সেৱা (Guwahati to Tawang helicopter service) । অহা মাহৰ ১ এপ্ৰিলৰ পৰা যাত্ৰীৰ বাবে মুকলি হ’ব Sky One Airways ৰ 2nd MI-172 হেলিকপ্তাৰ সেৱা ৷

Passenger helicopters reopen from Guwahati to Tawang from April 1
গুৱাহাটীৰ পৰা টাৱাঙলৈ চলিব যাত্ৰীবাহী হেলিকপ্তাৰ

তেজপুৰ, ২৪ মাৰ্চ : পুনৰ আৰম্ভ হ’ব গুৱাহাটী-টাৱাঙৰ মাজত যাত্ৰীবাহী হেলিকপ্তাৰ সেৱা । অহা মাহৰ ১ এপ্ৰিলৰ পৰা সপ্তাহত ৬ দিন ধৰি এই সেৱা যাত্ৰীৰ বাবে মুকলি কৰিব এভিয়েচন বিভাগে (Passenger helicopters reopen from April 1) । শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ চৰকাৰে এই সেৱা আৰম্ভ কৰিবলৈ এভিয়েচন বিভাগক অনুমতি প্ৰদান কৰিছে (Guwahati to Tawang helicopter service) । অৰুণাচল প্ৰদেশৰ এভিয়েচন বিভাগৰ সঞ্চালকৰ টাৱাং জিলাৰ এই সেৱাৰ অতিৰিক্ত উপায়ুক্ত আৰু গুৱাহাটীৰ ডেপুটি ৰেচিডেঞ্চ কমিছনাৰলৈ এক জাননী প্ৰেৰণ কৰিছে।

এভিয়েচন বিভাগে আগবঢ়োৱা এই সেৱা Sky One Airways ৰ 2nd MI-172 হেলিকপ্তাৰ সেৱা সপ্তাহটোৰ ৬ দিন ধৰি চলিব আৰু প্ৰতি দিনত দুবাৰকৈ গুৱাহাটী আৰু টাৱাঙৰ মাজত যাতায়ত কৰিব (Passenger helicopters reopen from Guwahati to Tawang)৷ অন্যহাতে বুধবাৰ আৰু শুকুৰবাৰে দিনত এবাৰ এই সেৱা চলিব যদিও দেওবাৰে যাত্ৰীৰ বাবে হেলিকপ্তাৰ কোনো সেৱা উপলব্ধ নহ’ব ৷ প্ৰতি দেওবাৰে হেলিকপ্তাৰখনৰ মেৰামতি কৰা হ’ব ৷

উল্লেখযোগ্য যে, বহুদিন ধৰি পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং আৰু গুৱাহাটীৰ মাজত যাত্ৰীবাহী হেলিকপ্তাৰ সেৱা নিয়মীয়াকৈ চলা নাছিল । এই ডাবল ইঞ্জিনযুক্ত MI-172 হেলিকপ্তাৰখনত ২৬ জন যাত্ৰী কঢ়িয়াই নিব পৰা ক্ষমতা আছে । সম্প্ৰতি স্কাই ওৱান হেলিকপ্তাৰে গুৱাহাটীৰ পৰা পূব অৰুণাচল প্ৰদেশৰ পাছিঘাট, কলিয়াং আৰু নাহৰলগুনলৈ সেৱা আগবঢ়াইছে ৷ অসমত এভিয়েচন বিভাগ আৰু অসম চৰকাৰে উড়ান আঁচনিৰ অধীনত বিভিন্ন জিলাৰ পৰা আৰম্ভ কৰা হেলিকপ্তাৰ সেৱাৰ তুলনাত গুৱাহাটী আৰু টাৱাং, নাহৰলগুণ আৰু পাছিঘাটৰ সেৱাৰ খৰছ বহু ব্যতিক্ৰম ।

অৱশ্যে অৰুণাচল প্ৰদেশৰ এভিয়েচন বিভাগে বৰ্তমান এপ্ৰিল মাহৰ ১ তাৰিখৰ পৰা আৰম্ভ কৰিবলগীয়া এই হেলিকপ্তাৰ সেৱাৰ যাত্ৰীৰ ভাৰাৰ মূল্য নিৰ্ধাৰিত কৰা নাই । এতিয়া ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া এই হেলিকপ্তাৰ সেৱাৰ বাবে অপেক্ষাৰ বহু পৰ্যটকৰ লগতে স্থানীয় যাত্ৰীয়ো ।

উল্লেখ্য যে, অৰুণাচলৰ উত্তৰ পশ্চিম দিশত অৱস্থিত টাৱাং চহৰ (Tourist place Tawang)। সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৩,০৪৮ মিটাৰ (10,000 ফুট) উচ্চতাত আছে টাৱাং চহৰ ৷ টাৱাং শব্দৰ অৰ্থ হৈছে টা মানে ঘোঁৰা আৰু ৱাং মানে বাচি লোৱা। আদিতে টাৱাং মন্পা লোকসকলৰ বাসস্থান আছিল। তুষাৰপাতৰ ঋতুত টাৱাঙলৈ দেশ-বিদেশৰ অসংখ্য পৰ্যটক অহা দেখা যায় । টাৱাঙৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম । অক্টোবৰ পৰা মাৰ্চ মাহলৈ ইয়াত আটাইতকৈ বেছি ভিৰ পৰিলক্ষিত হয় ।

লগতে পঢ়ক: Rahul Gandhi conviction: নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ জৰুৰী বৈঠক আহ্বান

Last Updated : Mar 24, 2023, 10:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.