Dhemaji Road Accident: ধেমাজিত তীব্ৰবেগী বাছে মহতিয়াই নিলে চাইকেল আৰোহীক

By

Published : Jun 17, 2023, 7:24 PM IST

thumbnail

ধেমাজি,17 জুন: ধেমাজি লালুং তিনিআলিত শোকাৱহ পথ দুৰ্ঘটনা ৷ জোঁৱায়েকৰ ঘৰলৈ গৈ থকা অৱস্থাত তীব্ৰবেগী বাছে মহতিয়াই নিলে চাইকেল আৰোহীক ৷ তীব্ৰবেগী বাছৰ খুন্দাত নিহত এজন চাইকেল আৰোহী ৷ জানিব পৰা মতে AS-15-C-3593 নম্বৰৰ চিলাপথাৰৰ পৰা বৰপেটাৰোডলৈ গৈ থকা এখন তীব্ৰবেগী বাছে মহতিয়াই নিয়ে দুই চাইকেল আৰোহীক ৷ তীব্ৰ বেগী বাছৰ খুন্দাত থিতাতে নিহত হয় লখন চাংমাই নামৰ চাইকেল আৰোহী জন ৷ আনহাতে আহত হয় ববী চাংমাই নামৰ এগৰাকী মহিলা ৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰি বাছখনৰ ড্ৰাইভাৰে ধেমাজি সদৰ আৰক্ষী থানাত আত্মসমৰ্পন কৰে ৷ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.