Trinamool Congress protest: মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰীৰ গাদী এৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 4:16 PM IST

thumbnail

নগাঁও, ১৪ ছেপ্টেম্বৰ: আলু, পিয়াঁজৰ পৰা পেট্ৰল, ডিজেল, ঔষধৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৃহস্পতিবাৰে নগাঁৱত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে তৃণমূল কংগ্ৰেছৰ নগাঁও জিলা সমিতিয়ে । বৃহস্পতিবাৰে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে তৃণমূল কংগ্ৰেছৰ নগাঁও জিলা সমিতি । চৰকাৰ বিৰোধী নানা শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে পৰিবেশ । 

প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনত বিশেষকৈ মধ্যবিত্ত পৰিয়ালৰ মাজত এক প্ৰকাৰ অচলাবস্থাৰ সৃষ্টি হোৱা বুলি দাবী কৰে তৃণমূল কংগ্ৰেছে নেতা ময়ূৰ মজুমদাৰে । মধ্যবিত্ত পৰিয়ালৰ মাজত তীব্ৰ অৰ্থ সংকটে দেখা দিয়াৰ সময়ত মুখ্যমন্ত্ৰীৰ পত্নীয়ে অসমৰ বিভিন্ন প্ৰান্তত মাটি ক্ৰয় কৰাৰ প্ৰসংগও উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰিবলৈ আহ্বান জনায় তৃণমূল কংগ্ৰেছৰ নেতা ময়ূৰ মজুমদাৰে ।

লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰীৰ গাদী এৰিবলৈ আহ্বান জনায় তৃণমূল কংগ্ৰেছৰ নগাঁও জিলা সমিতিয়ে । প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ দাবীত জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে তৃণমূল কংগ্ৰেছৰ নগাঁও জিলা সমিতিয়ে ।

লগতে পঢ়ক: Gourisagar Puppet Protest: গৌৰীসাগৰৰ ৰাজপথত ৰাৱণৰ প্ৰতিবাদ !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.