Tithi of Mahapurush MadhabDev: উত্তৰ কমলাবাৰী সত্ৰত ৪ দিনীয়াকৈ পালন মহাপুৰুষ মাধৱদেৱৰ ৪২৭ সংখ্যক তিৰোভাৱ তিথি

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 11:19 AM IST

thumbnail

মাজুলী, ৪ ছেপ্টেম্বৰ : আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৭ সংখ্যক তিৰোভাৱ তিথি । নৱবৈষ্ণৱ ধৰ্মৰ মূল কাণ্ডাৰী আছিল মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ ৷ মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে সত্ৰভূমি মাজুলী । গুৰু বন্দনাৰে মুখৰিত হৈ পৰিছে মাজুলীৰ আকাশ বতাহ ।

মাজুলীৰ প্ৰতিখন সত্ৰ আৰু নামঘৰত পুৱাৰে পৰা দুপৰ নিশালৈ চাৰি নাম চৈধ্য প্ৰসংগ, খোল তাল, হৰিনাম, বৰগীতৰ অমীয়া সুৰেৰে মুখৰিত হৈ পৰিছে । মাজুলীৰ ভোগপুৰ, উত্তৰ কমলাবাৰী, নতুন কমলাবাৰী, সত্ৰত ৪ দিনীয়াকৈ মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি পালন কৰিছে ।

জানিব পৰা মতে, মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি মাজুলীৰ ৩৩ খন সত্ৰ চাৰি শতাধিক নামঘৰ আজি পালন কৰা হৈছে । মাজুলীৰ ঐতিহাসিক আদি এলেঙী সত্ৰতো ৪০০ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি পালন কৰিছে গুৰু তিথি । পুৱা খোল প্ৰসংগ ভাগৱত, নাম প্ৰসংগ ঠিয়নাম আদি অনুষ্ঠিত কৰা হৈছে পুৱাৰ ভাগত ।

লগতে পঢ়ক : Tithi of Sri Sri Madhab Dev : হৰি নামৰ ধ্বনিৰে মুখৰিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ বাকৰি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.