Tithi of Sri Sri Madhab Dev : হৰি নামৰ ধ্বনিৰে মুখৰিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ বাকৰি

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 10:12 AM IST

thumbnail

টীয়ক, ৪ ছেপ্টেম্বৰ : আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৭ সংখ্যক তিৰোভাৱ তিথি । সমগ্ৰ ৰাজ্যই আজি উলহ মালহে পালন কৰিছে মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি । বাদ পৰি ৰোৱা নাই পূব যোৰহাটৰ টীয়ক সমষ্টিৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱে নিজ হাতে প্ৰতিষ্ঠা কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰো ।

প্ৰবাদ মতে, মহাপুৰুষ মাধৱদেৱ ধৰ্মপ্ৰচাৰৰ বাবে এই স্থানত উপস্থিত হৈ এটি বুঢ়া দম্পতীৰ গৃহত নিশা কটাইছিল আৰু দৰিদ্ৰ বৃদ্ধ দম্পতীয়ে গুৰুজনাক ঢেকীয়া শাকৰ আঞ্জাৰে আপ্যায়ন কৰিছিল ৷ পুৱা মহাপুৰুষজনাই স্নান কৰি বৰ্তমান নামঘৰৰ কাষৰ বুঢ়ী দিহাত চাৰি খুটি মাৰি অমিতাৰ এটা কলিত এগছি বন্তি জ্বলাই এই নামঘৰ ভাগ প্ৰতিষ্ঠা কৰিছিল আৰু বন্তিগছি অনাদি কাললৈ জ্বলাই ৰাখিবলৈ আহ্বান জনায় । তেতিয়াৰ পৰাই এই ঢেকীয়াখোৱা বৰনামঘৰৰ বন্তিগছি আজি পৰ্যন্ত অক্ষয়ভাৱে প্ৰজ্বলিত হৈ আছে ৷

অক্ষয় বন্তিগছিৰ আশীষ বিচাৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে আজি পুৱাৰে পৰা ঢেকীয়াখোৱা নামঘৰৰ এই পবিত্ৰ মজিয়াত উপস্থিত হৈছেহি । ঢেকীয়া শাকৰ আঞ্জাৰে অতি তৃপ্তিৰে গ্ৰহণ কৰি মহাপুৰুষ মাধৱদেৱে উক্ত স্থানৰ নাম ঢেকীয়াখোৱা ৰাখিলে । এই বিশ্বাস আগত ৰাখিয়েই আজি যুগ যুগ ধৰি এই তীৰ্থ স্থান বছৰৰ অনান্য দিনতকৈ আজিৰ এই বিশেষ দিনটোত লক্ষ্য লক্ষ্য ভকত বৈষ্ণৱৰ সমাৱেশ হোৱা পৰিলক্ষিত হৈছে ।

পূৰ্বৰ দৰেই এইবাৰো পুৱাই ভকত বৈষ্ণৱে হাতে হাতে ধূপ, চাকি, শৰাই, নৈবদ্য লৈ বৰ নামঘৰৰ প্ৰাংগণত ভিৰ কৰা পৰিলক্ষিত হৈছে । ইপিনে নামঘৰতো পুৱা উষা কীৰ্তন, প্ৰসংগৰ পাচতে দিহানাম, বৰগীত আদি পৰিৱেশন কৰা হয় ৷ মুঠৰ ওপৰত হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে এতিয়া ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ বাকৰি ৷

লগতে পঢ়ক : Tithi of Sri Sri Madhab Dev: শ্ৰীশ্ৰীমাধৱদেৱক স্মৰণ; শংকৰদেৱৰ প্ৰিয় শিষ্যৰ ৫২৭ তম তিৰোভাৱ তিথি পালন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.