Tirubhav Tithi of Srimanta Sankardev 2023: হৰি নামৰ ধ্বনিৰে মুখৰিত ঢেকীয়াখোৱা বৰনামঘৰ

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 1:11 PM IST

thumbnail

টীয়ক,16 ছেপ্টেম্বৰ : আজি জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 455 সংখ্যক তিৰোভাৱ তিথি । ৰাজ্যৰ প্ৰতিখন সত্ৰ-নামঘৰত উলহ-মালহেৰে উদযাপন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি । হৰি নামৰ ধ্বনিৰে মুখৰিত টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ । শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱে স্থাপিত ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰতো দিনযোৰা কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হৈছে ।

পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱে হাতে হাতে শৰাই নৈবদ্য লৈ নেদেখাজনৰ শ্ৰীচৰণত সেৱা লৈছে  ৷  ধূপ-দীপ, শৰাই আগবঢ়াই অক্ষয় বন্তিৰ ওচৰত আশীষ লৈছে ভকত-বৈষ্ণৱে । ইপিনে পুৱাই নামঘৰ প্ৰাংগণত প্ৰতিষ্ঠা হোৱা শ্ৰী শ্ৰী মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টিৰাজি বৰগীত, দিহানাম চৰ্চাৰে দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈছে সমগ্ৰ পৰিৱেশ ।  

সামগ্ৰীক পৰিৱেশ দেখুৱাব আমাৰ টীয়কৰ সাংবাদিক সাৰংগপাণি শইকীয়াই ৷

লগতে পঢ়ক:Assam Agricultural University:অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে ধানুকা এগ্ৰিটেক লিমিটেডৰ বুজাবুজি চুক্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.