Cyber Criminals arrested: জুৰীয়াৰ আলিটাঙনীত আৰক্ষীৰ জালত তিনি চাইবাৰ অপৰাধী

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 10:36 AM IST

thumbnail

নগাঁও, 24 ছেপ্টেম্বৰ : নগাঁৱৰ হয়বৰগাঁও আৰক্ষীৰ বৃহৎ সফলতা ৷ গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে চাইবাৰ ক্ৰাইমৰ লগত জড়িত তিনিজনক আটক কৰে ৷ শুকুৰবাৰে নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জগদীশ কলিতাৰ নেতৃত্বত এটা দলে গোপন খবৰৰ ভিত্তিত আলিটাঙনীত অভিযান চলাইছিল ৷

আটকাধীন তিনি লোকৰ পৰা উদ্ধাৰ কৰা হৈছে 5 শতাধিক ছিম কাৰ্ড ৷ আটকাধীন লোক কেইটা হ’ল মছকুৰ ৰহমান, হাৰুন ৰছিদ আৰু মজিবুৰ ৰহমান ৷ আটকাধীন আটাইকেইটাৰ ঘৰ আলিটাঙনীত বুলি জানিব পৰা গৈছে । ইফালে আটকাধীন তিনি লোকক শনিবাৰে আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ 

উল্লেখ্য যে, সংখ্যালঘু অঞ্চলসমূহত একাংশ দুষ্ট চক্ৰই সহজ ধনৰ আশাত প্ৰৱঞ্চনাৰ জাল পাতি দুখীয়া ৰাইজক সৰ্বস্বান্ত কৰি আহিছে । এই ক্ষেত্ৰত অসম আৰক্ষীয়ে চাইবাৰ ক্ৰাইমৰ পৰা পৰিত্ৰাণ পাবলৈ কেইবাটাও ফোন নম্বৰ মুকলি কৰিছে যদিও এই ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই । 

লগতে পঢ়ক: Cattle smuggling in Assam:গৰু চুৰিক লৈ উত্তপ্ত কলিয়াবৰৰ হাটবাগান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.