শ্ৰীশ্ৰীমাধৱদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে কলিয়াবৰত 'পিতা-পুত্ৰৰ যুদ্ধ' প্ৰদৰ্শন - Bhaona in Kaliabor

By ETV Bharat Assamese Team

Published : May 26, 2024, 8:26 PM IST

thumbnail
'পিতা-পুত্ৰৰ যুদ্ধ' ভাওনা (ETV BHARAT ASSAM)

কলিয়াবৰ, ২৬ মে': শ্ৰীশ্ৰীমাধৱদেৱৰ ৫৩৬ সংখ্যক আৱিৰ্ভাৱ তিথি ৰাজ্য়ৰ আন ঠাইৰ লগতে কলিয়াবৰতো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় । কলিয়াবৰৰ মাধতাৰি গাঁৱৰ ৰণচৌ হৰি মন্দিৰত গুৰুজনাৰ আৱিৰ্ভাৱ উপলক্ষে শুকুৰবাৰে নিশা 'পিতা-পুত্ৰৰ যুদ্ধ' নামৰ ভাওনা পৰিৱেশন কৰে গাঁৱৰ শিশু-যুৱকসকলে । দিনৰ ভাগত নাম প্ৰসঙ্গৰ পাছতে নিশাৰ 'পিতা-পুত্ৰৰ যুদ্ধ' ভাওনাত লোকে-লোকাৰণ্য হৈ পৰে হৰি মন্দিৰ প্ৰাংগন । 

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টিৰাজি ব্ৰজাৱলী অংকীয়া শৈলীৰ ভাওনাত যুৱকসকলৰ সমানে  শিশু-চেমনীয়াসকলে ভাও লৈ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।  

মাধতাৰি গাঁৱৰ ৰণচৌ হৰি মন্দিৰৰ সিংহাসন প্ৰতিষ্ঠা দিৱস উপলক্ষে বৃহস্পতিবাৰে ভাগৱত পাঠৰ আয়োজন কৰাৰ লগতে শুকুৰবাৰে শ্ৰীমাধৱ জয়ন্তী উপলক্ষে পিতা-পুত্ৰ ভাওনা প্ৰদৰ্শন কৰা হয় ।

লগতে পঢ়ক:বৰপেটাৰ পাটবাউসী সত্ৰত দধিমথন উৎসৱ - DADHIMATHAN FESTIVAL

সফল সামৰণি পৰিল কলিয়াবৰৰ হাজাৰী ভাওনা ২০২৪ - Assam Historic Hazari Bhauna

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.