সফল সামৰণি পৰিল কলিয়াবৰৰ হাজাৰী ভাওনা ২০২৪ - Assam Historic Hazari Bhauna
Assam Historic Hazari Bhauna : সোমবাৰে নিশা সামৰণি পৰিল কলিয়াবৰৰ হাজাৰী ভাওনা ২০২৪ ৷ ৩০০ বছৰ এই পুৰণি ঐতিহাসিক হাজাৰী ভাওনা প্ৰায় ২২ বছৰৰ বিৰতিৰ পাচত কলিয়াবৰত অনুষ্ঠিত হৈছে ৷

Published : March 26, 2024 at 2:27 PM IST
কলিয়াবৰ, ২৬ মাৰ্চ : সোমবাৰে নিশা সামৰণি পৰে কলিয়াবৰৰ হাজাৰী ভাওনা ২০২৪ । যোৱা ২৩ মাৰ্চৰ পৰা হাটবৰ হাজাৰৰ ব্যৱস্থাপনাত তিনিদিনীয়াকৈ আয়োজন কৰা হয় এই হাজাৰী ভাওনা ৷ ২৩ মাৰ্চৰ পৰা চাৰিখন খলাত দুটা নিশা মুঠ আঠখন ভাওনা পৰিৱেশন কৰা হয় ।
সোমবাৰে নিশা প্ৰথম খলাত সোণাৰি গাঁও হাজাৰে 'শৃংগী মুনিৰ অভিশাপ', দ্বিতীয় খলাত পশ্চিম কলিয়াবৰ হাজাৰে 'পাণ্ডৱৰ ৰাজসুয় যজ্ঞ', তৃতীয় খলাত সমন্বিত যুৱ তীৰ্থই 'ৰুক্মিণী হৰণ' আৰু চতুৰ্থ খলাত বৰভগীয়া হাজাৰে পৰিৱেশন কৰে 'পিতা-পুত্ৰৰ যুদ্ধ' ।

সোমবাৰে দিনৰ ভাগত হাজাৰী ভাওনা উৎসৱৰ লগত সংগতি ৰাখি 'হাজাৰী ভাওনা' নামৰ স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে । লগতে এক সভাত অংশগ্ৰহণ কৰে গৱেষক, লেখক ড৹ প্ৰদীপজ্যোতি মহন্ত আৰু বিশিষ্ট লেখিকা শিক্ষাসেৱী ড৹ কৰবী বেকাৰ হাজৰিকা, শিক্ষক গুণীন হাজৰিকাই ।
উল্লেখ্য যে, ২২ বছৰৰ বিৰতিৰ পাচত পুনৰ স্পন্দিত হ'ল কলিয়াবৰৰ হাজাৰী ভাওনাস্থলী । চাৰিখন খলাত একেলগে পৰিৱেশন হ'ল চাৰিখনকৈ ভাওনা । এয়া হৈছে সাতামপুৰুষীয়া ইতিহাস প্ৰসিদ্ধ হাজাৰী ভাওনা । য’ত শিশুৰ পৰা বয়োজ্যেষ্ঠলৈ সকলোৱে ভাও লৈছে এই ঐতিহাসিক ভাওনাত । দেওবাৰে প্ৰথম নিশাই ভাওনা চাবলৈ ওলায় আহিল হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ তথা দৰ্শক ।

৩০০ বছৰ এই পুৰণি ঐতিহাসিক হাজাৰী ভাওনাস্থলীত দেওবাৰে নিশা উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ৷ তেওঁ এই ভাওনা পৰ্যটনৰ সমল হওক, গৱেষণাৰ বিষয় হওক বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷
লগতে পঢ়ক : 4 খলাত একেলগে পৰিৱেশন 300 বছৰ পুৰণি ঐতিহাসিক হাজাৰী ভাওনা - Historic Hazari Bhauna

