Theft in Mangaldoi: মঙলদৈত চোৰৰ সন্ত্ৰাস, লুটিলে গহনা অলংকাৰৰ লগতে নগদ ধন

By

Published : May 11, 2023, 10:05 PM IST

thumbnail

দৰং, 11 মে’: চোৰৰ উপদ্ৰৱে নিদ্ৰা হৰিছে মঙলদৈবাসী ৰাইজৰ ৷ প্ৰায় প্ৰতিদিনেই চোৰে চাফাই অভিযান অব্যাহত ৰাখিছে মঙলদৈত ৷ মঙলদৈ সদৰ আৰক্ষীয়ে চোৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও লাভ কৰা নাই সফলতা ৷ বিগত কেইবা সপ্তাহ ধৰি চোৰৰ সন্ত্ৰাস অব্যাহত আছে মঙলদৈত ৷ আৰক্ষীয়ে কেইবাটাও গভাইত চোৰ কৰায়ত্ত কৰিছে যদিও দিনক দিনে কমাৰ পৰিৱৰ্তে বৃদ্ধি হৈছে চোৰৰ সন্ত্ৰাস (Theft Incident Happen in Mangaldoi) ৷  

এইবাৰ মঙলদৈৰ আৰেংত চোৰৰ সন্ত্ৰাস ৷ ঘৰত কোনো নথকাৰ সুযোগত মঙলদৈৰ আৰেংত চোৰে লুটিলে গহনা, অলংকাৰকে ধৰি লক্ষাধিক নগদ ধন ৷ এটা পৰিয়ালৰ বিবাহ উপযুক্ত কন্যালৈ গঢ়াই থোৱা অলংকাৰ আৰু আত্মসহায়ক গোটৰ সঞ্চিত ধন লুটিলে চোৰে ৷ জানিব পৰা মতে বিয়া খাবলৈ তেজপুৰলৈ গৈছিল পৰিয়ালটো আৰু ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এনেদৰে লুটপাত চলাই চোৰে সৰ্বস্বান্ত কৰিলে পৰিয়ালটিক ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে (Theft in Mangaldoi) ৷

লগতে পঢ়ক: Extortion in Mangaldoi: বীৰ লাচিত সেনা অসমৰ নামত ধন দাবী কৰি আটক যুৱক 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.