Extortion in Mangaldoi: বীৰ লাচিত সেনা অসমৰ নামত ধন দাবী কৰি আটক যুৱক

By

Published : May 11, 2023, 5:53 PM IST

thumbnail

দৰং, ১১ মে': মঙলদৈত বীৰ লাচিত সেনাৰ নামত ধন দাবী (Extortion in name of Veer Lachit Sena)। এটা চক্ৰ জড়িত হৈ পৰিছে এই ধন দাবীৰ কাৰ্যত ৷ কিছু কিছু স্থানত প্ৰদূষণ বিভাগৰ বিষয়া বুলি চিনাকি দিও ধন সংগ্ৰহ কৰিছে এই দুষ্ট চক্ৰটোৰ সদস্যই । বুধবাৰে নিশা মঙলদৈ পকাবাঙিপাৰা গাঁৱৰ ৰাইজে এজন যুৱকক ধন দাবীৰ অভিযোগত আটক কৰে । যোৰহাটৰ মালৌ পথাৰৰ দুলাল দত্ত নামৰ যুৱকজন কৰ্মসূত্ৰে মঙলদৈত ভাৰাতীয়া হিচাপে আছিল (Youth arrested in Mangaldoi) ।  

এই যুৱকজনে স্থানীয় কেইজনমান যুৱকৰ সৈতে মঙলদৈৰ বিভিন্ন স্থানত থকা দোকানত অবৈধ প্লাষ্টিকৰ বিৰুদ্ধে অভিযান চলোৱাৰ নামত ধন দাবী কৰি আহিছিল । কিছু কিছু স্থানত বিহুৰ নামতো ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে যুৱকজনৰ বিৰুদ্ধে । যোৱা মঙলবাৰে চহৰখনৰ এজন ব্যৱসায়ীয়ে যুৱকৰ দলটোক ৫০০০ টকা দিয়াৰ কথাও সদৰী কৰে । যুৱকৰ দলটোৱে ব্যৱসায়ীজনক ৫০,০০০ হাজাৰ টকা দাবী কৰিছিল বুলিও অভিযোগ উঠিছে (Extortion in Mangaldoi) ।

উল্লেখযোগ্য যে, দুলাল দত্ত নামৰ যুৱকজনৰ পৰা ৰাইজে বীৰ লাচিত সেনাৰ এটি ৰাইটিং পেড উদ্ধাৰ কৰে । দৰঙত বীৰ লাচিত সেনাৰ কোনো শাখা নথকা সত্বেও কোনে উক্ত সংগঠনৰ নামত ধন সংগ্ৰহ কৰি আছে তাক লৈ ৰাইজৰ মাজত চৰ্চা হৈছে ।

লগতে পঢ়ক: Lampi disease in Assam: কলিয়াবৰত লাম্পী ৰোগক লৈ শংকিত গো পালক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.