চুৰি বাইকৰ উজান উঠিছে মঙলদৈ থানাত

By

Published : Sep 5, 2022, 6:10 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

বৃহৎ আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ দল এটা উৎখাত কৰাৰ পিছতে চুৰি বাইকৰ যেন উজান উঠিছে মঙলদৈ থানাত ৷ চোৰ আৰু এই অপৰাধৰ সৈতে জড়িত অপৰাধীৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ হৈছে চুৰি কৰি লুকাই ৰখা বা ক'লা বজাৰত বিক্ৰী কৰা বাইকসমূহ(Rescued theft bike in Darrang)৷ মঙলদৈ থানাত এতিয়া বাইকৰ উজান উঠিছে । থানালৈ ট্ৰাকে ট্ৰাকে আহিছে বাইক। দৰঙৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত দৰঙৰ উপ-আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰা, মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতি, উপ-পৰিদৰ্শক কৃষ্ণ কান্ত লস্কৰৰ তৎপৰতাত এই অভিযান চলোৱা হয় । উক্ত অভিযানত ১৯ খন বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । এণ্ডফিল আৰু পালচাৰকে ধৰি উদ্ধাৰ হৈছে বহু দামী বাইক । দৰং আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰ অনুযায়ী অৰুণাচলৰ দিৰাঙৰ পৰা ট্ৰাক ট্ৰাকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে চুৰি বাইক । এই চুৰিৰ ঘটনাত জড়িত সাতজন চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দৰং আৰক্ষী । উল্লেখ্য় যে আৰক্ষীয়ে মঙলদৈ থানাত ৰুজু হোৱা 357/22 নম্বৰ গোচৰৰ ভিত্তিত ওদালগুৰিৰ পৰা ৰাজু দাস, মিন্টু বড়ো,ঢেকীয়াজুলিৰ বিনোদ বসুমতাৰীকে ধৰি সাতজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.