Road Accident in Dhemaji: ধেমাজিত তিনি বাহনৰ মুখামুখি সংঘৰ্ষ

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 6:56 PM IST

thumbnail

ধেমাজি, 9 ছেপ্টেম্বৰ : ধেমাজিৰ 15নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ধেমাজি সদৰ আৰক্ষী থানাৰ অধীনৰ হাতীগড়ত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷ ফলত এজন আহত হৈছে ৷ ঘটনা অনুসৰি শনিবাৰে দুপৰীয়াৰ ভাগত দুখন চাৰিচকীয়া আৰু এখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷  ফলত আহত হৈছে বাইক আৰোহী গৰাকী ৷ গুৰুতৰভাৱে আহত বাইক আৰোহীগৰাকীক ধেমাজি অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰা হৈছে ৷ 

আহত লোকজন ধেমাজি জীয়াঢল কেকুৰি অঞ্চলৰ বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাগ্ৰস্ত বাহন কেইখনৰ নম্বৰ হৈছে AS-01EV- 8177, FZ AS-07R- 0376 আৰু AS-07BC-1301 ৷ ইয়াৰে FZ AS-07R- 0376 নম্বৰখন বাইক,  AS-07BC-1301 নম্বৰৰ বাহনখন টাটা মেজিক আৰু AS-01EV- 8177 নম্বৰৰ গাড়ীখন ব্যক্তিগত বাহন আছিল ৷ নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে এই ঘটনা হোৱা বুলি সন্দেহ কৰা হৈছে ৷  

লগতে পঢ়ক:Panchayat President arrested at Silapathar : PMAY-G ৰ ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ হ’ল চিলাপথাৰৰ বিজেপিৰ পঞ্চায়ত সভাপতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.