Panchayat President arrested at Silapathar : PMAY-G ৰ ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ হ’ল চিলাপথাৰৰ বিজেপিৰ পঞ্চায়ত সভাপতি

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 10:40 AM IST

thumbnail

জোনাই, ৯ ছেপ্টেম্বৰ : চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনত থকা বেতনিপাম গাঁও পঞ্চায়তৰ সভাপতি বিক্ৰম গগৈক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । দৰিদ্ৰৰ ধন আত্মসাৎ কৰাৰ অভিযোগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত বিক্ৰম গগৈক ৷ জানিব পৰা মতে, দীৰ্ঘদিন ধৰি দৰিদ্ৰৰ ধন আৰু PMAY-G ৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল ধৃত বিক্ৰম গগৈৰ বিৰুদ্ধে ৷

আনকি তেওঁৰ বিৰুদ্ধে একাংশ ভুক্তভোগী হিতাধিকাৰীয়ে আৰক্ষী থানাটো দাখিল কৰিছিল এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতেই অভিযুক্ত সভাপতি বিক্ৰম গগৈক চিলাপথাৰ আৰক্ষী থানাত পঞ্জীয়ন হৈ থকা গোচৰ নং ১৮৪/২৩ ৰ ভিত্তিত ভাৰতীয় দণ্ড বিধি আইনৰ ৪২০/৪০৬ আৰু ৪০৯ ধাৰাত শুকুৰবাৰে চিচিবৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

বিজেপিৰ পঞ্চায়ত সভাপতিগৰাকীক গ্ৰেপ্তাৰ কৰা কাৰ্যই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ ধেমাজি জিলাত ।

লগতে পঢ়ক : 5 poachers detained: বন্যপ্ৰাণীৰ অংগসহ 5 চোৰাং চিকাৰীক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.