Viral indecent video: শিক্ষকৰ সৈতে যুৱতীৰ অশ্লীল ভিডিঅ’ ভাইৰেল

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 4:30 PM IST

thumbnail

নগাঁও, 25 আগষ্ট : ৰাজ্যত দিনক দিনে ইটোৰ পিচতো সিটোকৈ অপৰাধজনিত ঘটনা বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে ৷ এই নগাঁৱত পুনৰ গুৰু-শিষ্যৰ সম্পৰ্কক কালিমা সানিলে এজন শিক্ষকে ৷ পুনৰ নগাঁৱৰ এগৰাকী শিক্ষকৰ সৈতে এগৰাকী যুৱতীৰ অশ্লীল ভিডিঅ’ ভাইৰেল হৈছে ৷

এই নিৰ্লজ্জ কাণ্ড সংঘটিত কৰা শিক্ষকগৰাকী হেৰাপত্তিৰ সোনাই ভেলী একাডেমীৰ প্ৰধান শিক্ষক হাফিজ উদ্দীন বুলি জানিব পৰা গৈছে । সমাজৰ ছাত্ৰ-ছাত্ৰীক সু-চৰিত্ৰ আৰু জ্ঞানৰ পোহৰ বিলোৱা এই গৰাকী শিক্ষকৰ নিৰ্লজ্জ কাণ্ডক লৈ সৰ্বত্ৰে এতিয়া চলিছে ব্যাপক চাঞ্চল্য। সোনাই ভেলী একাডেমীৰ প্ৰধান শিক্ষক হাফিজ উদ্দীনৰ কৰ্মকাণ্ডই স্থানীয় লোকৰ চকু কঁপালত তুলিছে ৷  ইতিমধ্যে অভিযুক্ত শিক্ষকগৰাকীৰ বিৰুদ্ধে হেৰাপট্টীৰ একাংশ স্থানীয় সচেতন লোকে ৰাজহুৱাভাৱে নগাঁও জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে।

প্ৰধান শিক্ষক হাফিজ উদ্দীনে সংঘটিত কৰা নিৰ্লজ্জ কাণ্ডৰ বাবে উচিত শাস্তিৰ দাবী উত্থাপন কৰিছে হেৰাপট্টীৰ ৰাইজে। ইপিনে যুৱতীগৰাকীৰ বিৰুদ্ধ ধন দাবীৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক: Nirbhaya like Incident In Bihar: নিৰ্ভয়া কাণ্ডৰ পুনৰাবৃত্তি ! চলন্ত বাহনত কিশোৰীক যৌন নিৰ্যাতন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.