ETV Bharat / bharat

Nirbhaya like Incident In Bihar: নিৰ্ভয়া কাণ্ডৰ পুনৰাবৃত্তি ! চলন্ত বাহনত কিশোৰীক যৌন নিৰ্যাতন

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 11:03 AM IST

দিল্লীৰ নিৰ্ভয়া সদৃশ কাণ্ড এইবাৰ বিহাৰত ৷ বিহাৰৰ সমষ্টিপুৰত এগৰাকী 16 বছৰীয়া কিশোৰীক যৌন উৎপীড়ন চলায় তিনি যুৱকে । গণ ধৰ্ষণৰ পিছত কিশোৰীগৰাকী অজ্ঞান হৈ পৰে । চেতনা ঘূৰি অহাৰ পিচত 23 আগষ্টত এজাহাৰ দাখিল । তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হৈছে ৷

Nirbhaya like Incident In Bihar
নিৰ্ভয়া কাণ্ডৰ পূনৰাবৃত্তি

নেশ্যনেল ডেস্ক, 25 আগষ্ট: বিহাৰৰ সমষ্টিপুৰ জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ধৰ্ষণৰ ঘটনা ৷ তিনিজনকৈ পুৰুষৰ কামনাৰ বলি হ’ল এগৰাকী 16 বছৰীয়া কিশোৰী ৷ আনকি কিশোৰীগৰাকীৰ শৰীৰৰ বিভিন্ন স্থানত গম্ভীৰ আঘাতৰ চিন স্পষ্ট বুলিও আৰক্ষীয়ে জনায় ৷ নিজৰ অসৎ স্বাৰ্থ সিদ্ধি হোৱাৰ পিচতে কিশোৰীগৰাকীক পথৰ দাঁতিত পেলাই পলায়ন কৰে তিনি অভিযুক্তই ।

কিশোৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিচতে কিশোৰীগৰাকীয়ে সমগ্ৰ কাহিনী আৰক্ষীৰ আগত বিৱৰি কয় । ইয়াৰ পিছত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে ।

Nirbhaya like Incident In Bihar
ন্যায়িক জিম্মাত জেললৈ প্ৰেৰণ তিনি ধৃতক

ছাত্ৰীগৰাকীয়ে জনোৱা মতে, 16 আগষ্টৰ নিশা 1 বজাত তেওঁ আৰু তেওঁৰ পিতৃ কলকাতাৰ উভতি আহি পৰা সমষ্টিপুৰ ষ্টেচনত নামিছিল । ষ্টেচন চৌহদত এখন বলেৰ’ ৰখাই থোৱা আছিল । বলেৰ’ চালকজনজনে তেওঁলোকক ঘৰলৈ লৈ যাব বুলি ক’লে ৷ উক্ত সময়ছোৱাত আন এজন ব্যক্তিও বলেৰ’খনত বহি আছিল আৰু চালকজনে সেইগৰাকীও এজন যাত্ৰী বুলি জনায় । ইয়াৰ পিছত সেই গাড়ীখনত পিতৃ-কন্যা দুয়ো বহিল । মুক্তাপুৰৰ ওচৰত সেই ব্যক্তিজনে পিতৃ-কন্যা দুয়োকে শীতল পানীয় দিছিল । শীতল পানীয় খোৱাৰ পিছত দুয়ো অজ্ঞান হৈ পৰে বুলি ভুক্তভোগী কিশোৰীগৰাকীয়ে জনায় ।

পৰৱৰ্তী সময়ত ধৃত অভিযুক্তই কয় যে, পিতৃ-কন্যা অজ্ঞান হোৱাৰ পিছত তেওঁলোকৰ পৰা টকা আৰু মোবাইল লৈ যায় । পুছা ৰোড এলেকাত কিশোৰীগৰাকীৰ পিতৃক গাড়ীৰ পৰা পেলায় দিয়া হয় । ইয়াৰ পিছত চালকসহ তিনিজন লোকে চলন্ত বাহনত কিশোৰীগৰাকীক ধৰ্ষণ কৰে । ধৰ্ষণৰ পিছত অপৰাধীয়ে মুজাফ্ফৰপুৰৰ সকৰা থানা এলেকাত অৰ্ধ উলংগ কৰি কিশোৰীগৰাকীক অচেতন অৱস্থাত পেলাই দিয়ে ।

আনহাতে, ৰাতিপুৱা আশে-পাশে থকা মানুহে ছোৱালীজনীক প্ৰত্যক্ষ কৰাৰ পিচত সেই তথ্য আৰক্ষীক দিয়ে । সকৰা থানাৰ আৰক্ষী আৰু পুছা থানাৰ আৰক্ষীয়ে পিতৃ-কন্যা উভয়কে চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱায় । কিশোৰাগৰাকী সুস্থ হৈ উঠাৰ পিচতে 23 আগষ্টত মহিলা থানাত এজাহাৰ দাখিল কৰে । ইয়াৰ পিছত জিলা আৰক্ষী অধিনায়ক বিনয় তিৱাৰীয়ে তদন্তৰ বাবে এটা দল গঠন কৰি দিয়ে । ইয়াৰ পিচতে দলটোৱে গোচৰ সন্দৰ্ভত তিনিজন অপৰাধীক গ্ৰেপ্তাৰ কৰে । লগতে জব্দ কৰা হৈছে বলেৰ’ বাহনখন ।

" বলেৰোৰ সৈতে তিনিজন অপৰাধীক গ্ৰেপ্তাৰ কৰা হয় । জেৰাৰ সময়ত সকলোৱে নিজৰ অপৰাধ স্বীকাৰ কৰে । এই অপৰাধীকেইটাই আগতে সমষ্টিপুৰ, পাটনা, সীতামৰ্হী, মুজাফ্ফৰপুৰ ষ্টেচনত যাত্ৰীক লক্ষ্য কৰি লৈছিল । আগতে ড্ৰাগছ দি ডকাইতি কৰিছিল ।" - বিনয় তিৱাৰী, আৰক্ষা অধীক্ষক ।

অপৰাধীকেইটা হৈছে বৈশালীৰ মহম্মদ চালাউদ্দিন, মুজাফ্ফৰপুৰৰ মহম্মদ আলাউদ্দিন আৰু চক্ৰৰ যশৱন্ত কুমাৰ । গ্ৰেপ্তাৰ কৰাৰ পিচত অপৰাধীকেইটাক সোধা-পোছাৰ অন্তত আদালতত দাখিল কৰা হয়, য’ৰ পৰা তেওঁলোকক ন্যায়িক জিম্মাত জেললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰৰা গৈছে ।

লগতে পঢ়ক: Donald Trump surrendered: গ্ৰেপ্তাৰৰ পিচতে চৰ্ত সাপেক্ষে মুকলি আকাশৰ তললৈ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.