Jonai accident news:ৰে’লৰ খুন্দাত চিন চাব নাইকিয়া হৈ হ’ল গাড়ীৰ; কিন্তু...

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 6:23 PM IST

thumbnail

জোনাই, 23 ছেপ্টেম্বৰ : জোনাইৰ চিগাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । এক কিলোমিটাৰ পৰ্যন্ত ৰে’লে মহতীয়াই নিলে এখন টাটা নেন’ বাহন ৷ কোনোমতে প্ৰাণ ৰক্ষা পৰিল গাড়ীত থকা দুয়োজন লোকৰ ।

শনিবাৰে দিনৰ ২ বজাত সংঘটিত হয় এই দুৰ্ঘটনা । ডেকা গাঁৱৰ পৰা মূৰ্কংচেলেক অভিমুখে আহি থকা ৰে’ল এখন এক কিলোমিটাৰ পৰ্যন্ত মহতীয়াই নিয়ে এখন টাটা নেন’ ৷ শন্তপুৰৰ পৰা জোনাই অভিমুখে আহি থকা টাটা নেন’ বাহনখনে ৰে’ল লাইন পাৰ কৰিবলৈ লওঁতেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । সৌভাগ্যক্ৰমে বাহনখনৰ ভিতৰত থকা দুজন লোক পলাবলৈ সক্ষম হয় ।

দুৰ্ঘটনাটোত বাহনখন সম্পূৰ্ণ ৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ যায় । দুৰ্ঘটনা সংঘটিত হোৱা বাহনখনৰ নম্বৰ হৈছে AS- 12H-6912 ৷ ঘটনাস্থলীত ইতিমধ্যে ৰে’লৱে আৰক্ষী আৰু জোনাই আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Youth Hit by train: জোনাইত ইন্টাৰচিটি এক্সপ্ৰেছৰ খুন্দাত নিহত যুৱক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.