Bihu dance and dhol badan workshop:তিনিচুকীয়াত ছাত্ৰ সন্থাৰ সৌজন্যত আয়োজিত বিহুনাচ, ঢোলবাদন কৰ্মশালাৰ সামৰণি

By

Published : Apr 4, 2023, 1:32 PM IST

thumbnail

তিনিচুকীয়া, ৪ এপ্ৰিল: অসমীয়াৰ প্ৰাণৰো প্ৰাণ চেনেহৰ ব’হাগৰ বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী আছে ৷ ইতিমধ্যে ৰাজ্যবাসীয়ে চেনেহৰ বহা’গৰ বিহুটি আদৰিবলৈ সাজু হৈছে ৷ সম্পূৰ্ণ কৰি তুলিছে বিহুৰ প্ৰস্তুতি ৷ শুনিবলৈ পোৱা গৈছে ঢোলৰ গুমগুমনি ৷ ককাল ভাঙি নাচিবলৈ সাজু হৈছে নাচনীসকল ৷ বহু স্থানত বিহুৰ কৰ্মশালাৰ লগতে আৰম্ভ হৈছে বিহুৰ আদৰণি পৰ্ব ৷

সোমবাৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত আয়োজন কৰা বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাৰ সামৰণি অনুষ্ঠানটি সুকলমে অনুষ্ঠিত হৈ যায় (Bihu dance and dhol badan workshop) ৷ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত, বৰগুৰি উপ শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ বৰগুৰি যুৱ সংঘৰ সহযোগত সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক নীতিৰ আধাৰত সাংস্কৃতিক দিশটোৰ উত্তৰণ তথা অসমীয়া বাপতি সাহোন ব’হাগৰ বিহুটিক নৱপ্ৰজন্মৰ মাজত শিপাই তোলাৰ উদ্দেশ্যে ৰূপায়ণ কৰা দহ দিনীয়া বিহুনাচ আৰু ঢোল বাদন কৰ্মশালাৰ সোমবাৰে সফল সামৰণি পৰে (Bihu dance workshop) ৷ বৰগুৰি যুৱক সংঘৰ প্ৰেক্ষাগৃহ প্ৰাংগণত আয়োজন কৰা বিহু নাচৰ কৰ্মশালাত নৃত্যৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ২০২২ বৰ্ষৰ DY বিহুৰাণী সংগীতা ৰাভা আৰু ঢোলৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বিদ্যুৎ ফুকন আৰু জিন্তু কটকী ৷

স্থানীয় শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত সম্পন্ন হোৱা কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানটোত শিক্ষাৰ্থীসকলে বিহুনাচ আৰু ঢোলবাদন প্ৰদৰ্শন কৰে (Dhol badan workshop) ৷ পৰৱৰ্তী সময়ত প্ৰশিক্ষণত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰে প্ৰশিক্ষকৰ লগতে ছাত্ৰ সন্থাই ৷ এই বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি সন্ধিয়া স্থানীয় ৰাইজৰ উপস্থিতিত জনপ্ৰিয় কণ্ঠশিল্পী নিলাক্ষী নেওঁগ আৰু মৃদ্বীপৰ সংগীতানুষ্ঠানৰ আয়োজন কৰে (Tinsukia bihu dance and dhol badan workshop) ৷ দুয়োগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ সংগীতানুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে নাচি-বাগি আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় ৷

উক্ত অনুষ্ঠানৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ মুখ্য উপদেষ্টা ধৰণী গোঁহাই, সাধাৰণ সম্পাদক স্বৰূপ গোঁহাই, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সহঃকাৰী সাধাৰণ সম্পাদক সত্যজিৎ বৰগোহাঁই, তিনিচুকীয়া জিলা মটক যুৱ ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক সঞ্জয় গগৈ, বৰগুৰি যুৱ সংঘৰ সভাপতি নন্দন গোঁহাই, যুৱ সংঘৰ উপ সভাপতি বুলবুল গোঁহাইৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি ৷

লগতে পঢ়ক : Moran Bihu dance workshop: জিভা পিচল খালে মন্ত্ৰী পেগুৰ; ভাৰতৰ মুখ্যমন্ত্ৰী বুলিলে নৰেন্দ্ৰ মোডীক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.