Urea fertilizer seized in Barpeta:ৰাজ্যত অব্যাহত আছে ৰাজসাহায্যযুক্ত সাৰৰ ক’লা বেহা

By

Published : Aug 3, 2023, 7:59 PM IST

thumbnail

বৰপেটা, ৩ আগষ্ট : ৰাজ্যত অব্যাহত আছে ৰাজসাহায্যযুক্ত ইউৰিয়া সাৰৰ চোৰাং ব্যৱসায় ৷ বৰপেটাৰ চেঙাত জব্দ ৰাজসাহায্যযুক্ত ইউৰিয়া সাৰ ভৰ্তি বাহন ৷ বাহনখনৰ পৰা জব্দ কৰা হয় প্ৰায় ৮০ বস্তা ৰাজসাহায্যযুক্ত ইউৰিয়া সাৰ ৷ বহৰি বজাৰৰ পৰা বৰমাৰালৈ সৰবৰাহৰ সময়তে চেঙাত একাংশ স্থানীয় লোকে জব্দ কৰিলে ৰাজসাহায্যযুক্ত ইউৰিয়া সাৰ ভৰ্তি বাহনখন ৷ ইয়াৰ পিচতে চোৰাংকৈ কঢ়িয়াই অনা সাৰভৰ্তি বাহনখন বহৰিস্থ তাৰাবাৰী আৰক্ষীক চমজাই দিয়ে স্থানীয় লোকসকলে ৷

বৃহস্পতিবাৰে AS-01-LC-7318 নম্বৰৰ বলেৰ’ মহিন্দ্ৰা পিকআপ বাহনখনেৰে বহৰিৰ পৰা সৰবৰাহ কৰা হৈছিল ৰাজসাহায্যযুক্ত ইউৰিয়া সাৰ ৷ প্ৰায় ৮০ বস্তাৰো অধিক ৰাজসাহায্যযুক্ত ইউৰিয়া সাৰ চোৰাংভাৱে সৰবৰাহৰ সময়তে চেঙাত একাংশ লোকে জব্দ কৰে ৰাসায়নিক সাৰভৰ্তি বাহনখন ৷ বাহনখনৰ চালকে জনোৱা মতে, বহৰি বজাৰৰ জনৈক ইছমাইলৰ দোকানৰ পৰা সৰবৰাহ কৰা হৈছিল সাৰখিনি । ইপিনে সাৰ ব্যৱসায়ীজনে আৰক্ষীক দেখুৱাব নোৱাৰিলে সাৰ সৰবৰাহৰ কোনো বৈধ নথিপত্ৰ । ইতিমধ্যে ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী উপস্থিত হৈ সাৰভৰ্তি বাহনখন জব্দ কৰাৰ লগতে ৰাজসাহায্যযুক্ত সাৰৰ বিৰুদ্ধে আৰম্ভ কৰিছে অনুসন্ধান ৷ প্ৰশ্ন হয় কাক মেনেজ কৰি বৰপেটাত অব্যাহত আছে ৰাজসাহায্যযুক্ত ইউৰিয়া সাৰৰ চোৰাং বেহা ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে বহু দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে তৎপৰ হৈছে যদিও ৰাজসাহায্যযুক্ত ইউৰিয়া সাৰৰ এই কলা বজাৰৰ বিৰুদ্ধে কিয় নিমাত এই লৈয়ো উঠিছে প্ৰশ্ন ৷

লগতে পঢ়ক : Scam in Jal Jeevan Mission: কলগাছিয়াৰ চৰচৰীয়া চৰত জলজীৱন মিছনত দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.