ETV Bharat / state

Scam in Jal Jeevan Mission: কলগাছিয়াৰ চৰচৰীয়া চৰত জলজীৱন মিছনত দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Jul 30, 2023, 4:34 PM IST

কলগাছিয়াৰ চৰচৰীয়া চৰত জলজীৱন মিছনৰ নামত বিয়াগোম দুৰ্নীতি । ঠিকাদাৰ আৰু অভিযন্তাই লুণ্ঠন চলোৱাৰ অভিযোগ । সাংবাদিকৰ কেমেৰা দেখি পলায়ন ঠিকাদাৰৰ কামৰ দায়িত্বত থকা কৰ্মচাৰীৰ ।

Corruption in Jal Jeevan Mission
জলজীৱন মিছনৰ নামত বিয়াগোম দুৰ্নীতি

জলজীৱন মিছনৰ নামত বিয়াগোম দুৰ্নীতি

জনীয়া,৩০ জুলাই : বৰপেটা জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰপেটা উপ-সংমণ্ডলৰ অধীনত চৰচৰিয়াত নিৰ্মীয়মান জলজীৱন আঁচনিৰ নিৰ্মাণকাৰ্যত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । উত্থাপিত অভিযোগ মতে, চৰচৰীয়া চৰত জলজীৱন আঁচনিখন অভিযন্তা অবিহনেই প্ৰাক্ কলন নোহোৱাকৈ চলিছে জলজীৱনৰ নিৰ্মাণকাৰ্য । এই অভিযোগ ৰাইজৰ নহয় । এই বিষয়ে উল্লেখ কৰিছে কামৰ দায়িত্বত থকা ঠিকাদাৰৰ কৰ্মচাৰীয়ে ।

ইফালে, কামৰ দায়িত্বত থকা জয়নাল খানে জানিবলৈ উল্লেখ কৰা মতে, বিগত ডেৰ মাহ ধৰি কামৰ দায়িত্বত থকা বিভাগীয় অভিযন্তা উক্ত নিৰ্মাণকাৰ্যৰ চোৱাচিতা কৰিবলৈ অহা নাই । কিন্তু অব্যাহত আছে নিৰ্মাণকাৰ্য । কামৰ দায়িত্বত থকা কৰ্মচাৰীসকলে নিজৰ খেয়াল খুচি মতে নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণকাৰ্য চলাই আছে বুলি অভিযোগ উত্থাপিত হৈছে ।

ইফালে, কামৰ দায়িত্বত থকা লোকজনে কেমেৰা দেখিয়েই পলাই ফুৰিবলগীয়া হৈছে । অসাধু ঠিকাদাৰে জলজীৱন আঁচনিৰ নলা বহুওৱাতো ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উঠিছে । কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা জলজীৱন আচঁনিৰ নলাৰ সামান্য গাঁত খান্দি নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা জলজীৱন আঁচনিত নিম্ন মানৰ ইটা, ৰ'ড, চিমেন্ট আদি ব্য়ৱহাৰ কৰা হৈছে । নাম ফলক বিহীনভাৱে আঁচনিৰ কাম আৰম্ভ কৰাত ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । ৰাইজে অসাধু ঠিকাদাৰে সংঘটিত কৰা দুৰ্নীতিৰ তদন্ত কৰি পুনৰ নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰিছে ।

উল্লেখ্য় যে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন এলেকাত অব্যাহত আছে জলজীৱন মিছনৰ নামত বিয়াগোম দুৰ্নীতি । কলগাছিয়া, বালাৰপাথাৰ, তাপেশ্বৰা, আমগুৰি, জনতা, বালাগাঁও, বালিকুৰি, বৰভিটা, টি এন ডি আদিত খীৰতিগাইত পৰিণত হৈছে এই জলজীৱন মিছন । ৰাইজে অসাধু ঠিকাদাৰে দুৰ্নীতিৰে চৰকাৰী ধনৰ শৰাধ কৰা কাৰ্যৰ তদন্ত কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক :Scam in Jal Jeevan Mission: কলগাছিয়াত জলজীৱন মিছনৰ নামত বিয়াগোম দুৰ্নীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.