ETV Bharat / state

Scam in Jal Jeevan Mission: কলগাছিয়াত জলজীৱন মিছনৰ নামত বিয়াগোম দুৰ্নীতি

author img

By

Published : Feb 2, 2023, 6:21 PM IST

ঘৰে ঘৰে বিশুদ্ধ পানী যোগানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিছে জলজীৱন মিছন (Jal Jeevan Mission) । বিশুদ্ধ খোৱাপানীৰ সমস্যাৰ পৰা গ্ৰামাঞ্চলৰ ৰাইজক পৰিত্ৰাণ দিবলৈ ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে । চৰকাৰে গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালৰ বাবে সুকীয়া পানীৰ টেপৰ ব্যৱস্থা কৰিছে । বৰপেটাত এই আঁচনি ৰূপায়ণত সংঘটিত হৈছে অনিয়ম ।

Allegation of Scam in Jal Jeevan Mission at Kalgisia
জলজীৱন মিছনৰ নামত বিয়াগোম দুৰ্নীতি

জলজীৱন মিছনৰ নামত বিয়াগোম দুৰ্নীতি

জনীয়া, ২ ফেব্ৰুৱাৰী: চৰকাৰে ২০২৪ চনৰ ভিতৰত ৰাজ্যৰ গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালৰ গৃহত একোটাকৈ কাৰ্যক্ষম পানীৰ টেপ সংযোগ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে (Jal Jeevan Mission in Assam)। এই পানীৰ টেপ সংযোগ কৰাৰ ফলত পৰ্যাপ্ত পৰিমাণৰ আৰু বিশুদ্ধ খোৱাপানীৰ অভাৱ দূৰ হ'ব । এই পানী যোগান আঁচনিৰ অধীনত কাম কৰিব পৰাকৈ একাংশ নিবনুৱা যুৱকক বিভিন্ন বিষয়ৰ কাৰিকৰী দক্ষতা বিকাশৰ বাবে প্ৰশিক্ষণ প্ৰদানৰো চৰকাৰে ব্য়বস্থা কৰে । চৰকাৰৰ এই পৰিকল্পনাৰ পিচতেই ৰাজ্য়খনৰ বিভিন্ন ঠাইৰ ৰাইজে বিশুদ্ধ খোৱাপানীৰ অভাৱ দূৰ হ'ব বুলি আশা কৰিছিল । পিছে এই আঁচনিখন ৰূপায়ণৰ বাবে চৰকাৰে যিমানেই ক্ষিপ্ৰগতিত কাম কৰিছে সিমানেই অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । এইবাৰ এনে অভিযোগ উত্থাপিত হৈছে বৰপেটা জিলাত ।

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন এলেকাত অব্যাহত আছে জলজীৱন মিছনৰ নামত বিয়াগোম দুৰ্নীতি (Allegation of Scam in Jal Jeevan Mission at Kalgisia)। কলগাছিয়া, বালাৰপাথাৰ, তাপেশ্বৰা, আমগুৰি, জনতা, বালাগাঁও, বালিকুৰি, বৰভিটা, টি এন ডি আদিত খীৰতিগাইত পৰিণত হৈছে এই জলজীৱন মিছন । ঠিকাদাৰৰ ছত্ৰছায়াত আৰিফুল ইছলাম শিকদাৰ নামৰ যুৱকক দিয়া কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । এই ব্যাপক দুৰ্নীতিত অভিযন্তাও হাত উজান দি বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ বিভিন্ন ঠাইত ধাৰাবহিক ভাৱে লুণ্ঠন চলোৱাৰ অভিযোগ উঠিছে ।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা জলজীৱন আঁচনিত নিম্ন মানৰ ইটা,ৰ'ড, চিমেন্ট আদি ব্য়ৱহাৰ কৰা হৈছে (PHE)। নাম ফলক বিহীন ভাৱে আঁচনিৰ কাম আৰম্ভ কৰাত ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰপেটা উপ -সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ চকুৰ সন্মুখতে জলজীৱনৰ নামত ঠিকাদাৰ বিনয় দত্তই চলাইছে ব্যাপক দুৰ্নীতি । ইপিনে, আৰিফুল ইছলাম শিকদাৰ আৰু অভিযন্তাই কোটি কোটি টকা লুণ্ঠন কৰাৰ উদ্দেশ্যৰে দুৰ্নীতিৰে কাম কৰাত আচাৰ্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । ৰাইজে অসাধু ঠিকাদাৰে দুৰ্নীতিৰে চৰকাৰী ধনৰ শৰাধ কৰা কাৰ্যৰ তদন্ত কৰিবলৈ দাবী জনাইছে ।

চৰকাৰী আঁচনিৰ পৰা ৰাইজ উপকৃত হোৱাৰ পৰিবৰ্তে ঠিকাদাৰৰ পকেট গৰম হোৱাটোৱেই প্ৰধান উদ্দেশ্য বুলি স্থানীয় লোকসকলে ক্ষোভেৰে কয় ৷ তদুপৰি, পানী সংযোগৰ মূল নলৰ পৰা ঘৰুৱা সংযোগৰ বাবে নিৰ্দ্ধাৰিত দহ মিটাৰ ঠাইৰ দূৰত্বৰ পৰিৱৰ্তে ঠিকাদাৰৰ খেয়াল-খুচি মতে কাম কৰি থকাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে ।শীঘ্ৰেই উক্ত বিষয়টো বিভাগীয় কৰ্তৃপক্ষক তদন্ত কৰি দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰৰ বিৰুদ্ধে উচিত শাস্তিৰ দাবী কৰিছে স্থানীয় ৰাইজে ৷ এই ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:FPO withdrawal of Adani Group: বজাৰৰ অস্থিৰতাৰ বাবে এফপিঅ' প্ৰত্যাহাৰ কৰা হৈছে : গৌতম আদানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.