Protest in Baksa: গোঁহাই কমল আলিৰ মেৰামতিৰ দাবীত প্ৰতিবাদত নামিল শিক্ষাৰ্থী

By

Published : Feb 8, 2023, 5:35 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

বাক্সা, 7 ফেব্ৰুৱাৰী: বাক্সা জিলাৰ বৰমাত বিদ্যালয়ৰ পাঠদান এৰি ৰাজপথত নামিল ছাত্ৰ-ছাত্ৰী ৷ পথ মেৰামতিৰ দাবীত উত্তাল বাক্সাৰ বৰমা ৷ শ্ৰেণীকোঠা এৰি হাতে হাতে ফেষ্টুন লৈ ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী ৷ বৰমা আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত ঐতিহাসিক গোঁহাই কমল আলি অৱৰোধ কৰি পথটোৰ পুনঃনিৰ্মাণৰ দাবী জনালে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে (Repair of Gohain Kamal Ali) ৷ 

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি বাক্সা আৰু নলবাৰী জিলাৰ সীমান্তৰ ইতিহাস প্ৰসিদ্ধ গোঁহাই কমল আলিটো (Historic Gohai Kamal Ali) জৰাজীৰ্ণ হৈ থকাৰ লগতে বিগত বানত পথটোৰ এচোৱা ছিগি গৈছিল ৷ বৰমা মহাবিদ্যালয়কে ধৰি কেবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী তথা বাক্সা জিলাৰ উত্তৰাঞ্চলৰ একমাত্ৰ এই সংযোগী গড়কাপ্তানি পথটো মেৰামতিৰ বাবে দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছে স্থানীয় ৰাইজ আৰু আঞ্চলিক ছাত্ৰ সন্থাই (Reconstruction of the historic Gohai Kamal Ali) ৷ 

কিন্তু বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়কগৰাকীয়ে পথটো মেৰামতিৰ বাবে আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰাত যাতায়তৰ নামত চৰম দুৰ্ভোগ ভূগিবলগীয়া হৈছে ৰাইজে (Student protest in Baksa) ৷ যাৰবাবে বুধবাৰে বিদ্যালয়ৰ শ্ৰেণীকোঠা এৰি সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে পথটো মেৰামতি কৰাৰ দাবীত অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ৷ পথটো শীঘ্ৰে মেৰামতি কৰাৰ ব্যৱস্থা নকৰিলে পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে আছুৰ নেতা-সদস্য সকলে (Pathetic condition of historic Gohai Kamal Ali) ৷

উল্লেখ্য যে, গোঁহাই কমল আলিৰ এক সুকীয়া ইতিহাস আছে ৷ কোঁচ ৰজা নৰনাৰায়ণৰ ৰাজত্ব কালত কোচ ৰাজ্যৰ ৰাজধানী কোচ বিহাৰ আৰু অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰক সংযোগ কৰি নিৰ্মাণ কৰা হৈছিল এই পথটো ৷ নৰনাৰায়ণৰ ভাতৃ কমল নাৰায়ণৰ তত্বৱধানত নিৰ্মাণ কৰা এই পথটো 1547 চনত সম্পূৰ্ণ হৈ উঠে আৰু ইয়াক গোঁহাই কমল আলি নামেৰে নামকৰণ কৰা হয় (History of Koch kingdom) ৷

আহোম স্বৰ্গদেউ চুহুংমুঙে কোচৰাজ্য আক্ৰমণ কৰি কোচসকলৰ মাজত বিবাদৰ সূত্ৰপাত ঘটাইছিল ৷ কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ তথা সেনাপতি চিলাৰায়ে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে ডিকৰাইলৈকে অভিযান চলায় ৷ তাতেই আহোম আৰু কোচৰ মাজত তয়াময়া ৰণ হয় ৷ তাৰ পাচতো বহু কেইখন যুদ্ধ হয় আৰু এই যুদ্ধৰ মাজতেই 350 মাইল দৈৰ্ঘৰ গোঁহাই কমল আলিৰ নিৰ্মাণ কৰে কোচসকলে ৷ 

লগতে পঢ়ক: Chilarai award 2023: মহাবীৰ চিলাৰায়ৰ বীৰত্বৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে চৰকাৰক আহ্বান জে পি ৰাজখোৱাৰ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.