ETV Bharat / state

Chilarai award 2023: মহাবীৰ চিলাৰায়ৰ বীৰত্বৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে চৰকাৰক আহ্বান জে পি ৰাজখোৱাৰ

author img

By

Published : Feb 7, 2023, 9:58 PM IST

অৰুণাচল প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল জ্যোতিপ্ৰসাদ ৰাজখোৱাক প্ৰদান কৰা হ’ল এই বৰ্ষৰ চিলাৰায় বঁটা (JP Rajkhowa felicitated with Chilarai award) ৷ নলবাৰীৰ কঠালবাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা চিলাৰায় দিৱসৰ অনুষ্ঠানত তেওঁক এই বঁটাৰে সন্মানিত কৰা হয় (Chilarai Divas held in Nalbari) ৷ নিজৰ ভাষণত শংকৰদেৱৰ ধৰ্ম প্ৰচাৰত নৰনাৰায়ণ আৰু চিলাৰায়ে যোগোৱা সহায়ৰ কথা উল্লেখ কৰে প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে ৷

JP Rajkhowa felicitated with Chilarai award
জ্যোতিপ্ৰসাদ ৰাজখোৱাক চিলাৰায় বঁটা প্ৰদান

জ্যোতিপ্ৰসাদ ৰাজখোৱাক চিলাৰায় বঁটা প্ৰদান

বাক্সা, 7 ফেব্ৰুৱাৰী: ‘‘নৰনাৰায়ণ-চিলাৰায়ৰ ৰাজসভাত বহি শংকৰদেৱে ধৰ্ম প্ৰচাৰ কৰিছিল ৷ অংকীয়া নাট, ভাওনা ৰচনা কৰি অসমীয়াৰ ভঁৰাল চহকী কৰি থৈছিল ৷ নৰনাৰায়ণ-চিলাৰায়ে কমল নাৰায়ণৰ জড়িয়তে কোচবিহাৰৰ পৰা লখিমপুৰৰ নাৰায়ণপুৰলৈ ৰাস্তা বনাইছিল আৰু সেই ৰাস্তাসমূহক এতিয়া গোঁহাই কমল আলি বুলি জনা যায় (Gohain Kamal Ali) ৷ নৰনাৰায়ণ আৰু চিলাৰায় নহ’লে শংকৰদেৱে ওডিশাৰ পিনে গ’লহেতেন আৰু অসমীয়া জাতিৰ অস্তিত্ব নাথাকিলহেতেন ৷’’ চিলাৰায় বঁটা গ্ৰহণ কৰি নিজৰ ভাষণত এইদৰে কয় অৰুণাচলৰ প্ৰাক্তন ৰাজ্যপাল জ্যোতিপ্ৰসাদ ৰাজখোৱাই (Former Governor of Arunachal Pradesh JP Rajkhowa) ৷

তেওঁ লগতে কয়, ‘‘ নৰনাৰায়ণ-চিলাৰায়ে নীলাচল পাহাৰত বৰ্তমান অৱস্থিত মা কামাখ্যাৰ মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল ৷ সেয়েহে অসম চৰকাৰে মা কামাখ্যা মন্দিৰলৈ উঠি যোৱা পথত নৰনাৰায়ণ-চিলাৰায়ৰ প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে’’ ৷ নলবাৰী জিলাৰ কঠালবাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা মহাবীৰ চিলাৰায়ৰ 513 বছৰীয়া জয়ন্তীৰ দ্বিতীয় দিনৰ মুকলি অধিবেশনত জ্যোতিপ্ৰসাদ ৰাজখোৱাক এই বৰ্ষৰ চিলাৰায় বঁটা প্ৰদান কৰা হয় (JP Rajkhowa felicitated with Chilarai award) ৷

ৰাজখোৱাই আৰু কয় যে, অসমৰ ৰাইজে এতিয়াও চিলাৰায়ৰ বিষয়ে জানিবলৈ বহু বাকী ৷ চৰকাৰে উচিত পদক্ষেপ ল’লে হয়তো মহাবীৰ চিলাৰায়ৰ মহানুভৱতা আৰু বীৰত্ব পৃথিৱীত প্ৰচাৰ কৰিব পৰা যাব (Heroism of Chilarai) ৷ তেখেতে লগতে চৰকাৰক গোৱালপাৰাত অৱস্থিত সৈনিক স্কুলখনৰ নাম বীৰ চিলাৰায়ৰ নামেৰে নামকৰণ কৰিবলৈ আহ্বান জনায় ৷ শংকৰদেৱ কলাক্ষেত্ৰত থকা দুটা কোঠা নৰনাৰায়ণ আৰু চিলাৰায়ৰ নামেৰে নামকৰণ কৰিব লাগে বুলিও তেওঁ মত প্ৰকাশ কৰে ৷

নলবাৰী জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি বীৰেন ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বীৰ চিলাৰায় বঁটা প্ৰদান কৰে প্ৰাক্তন ৰাজ্যপাল জ্যোতি প্ৰসাদ ৰাজখোৱাক (Chilarai award 2023) ৷ ইয়াৰ লগতে জগদাচৰণ তালুকদাৰ আৰু নৃপেন দাসক বৈকুণ্ঠ নাথ তালুকদাৰ সোঁৱৰণী বিশিষ্ট সমাজ কৰ্মী বঁটা, যুৱ খেলুৱৈ ৰাগিনী মেধিলৈ নবীন চন্দ্ৰ তামুলী স্মাৰক বিশিষ্ট খেলুৱৈ বঁটা, বিশিষ্ট শিল্পী প্ৰভাত ৰাজবংশীলৈ সুৰেন ৰয় স্মাৰক শিল্পী বঁটা, শিক্ষাসেৱী সতীশ চন্দ্ৰ ডেকালৈ যজ্ঞৰাম তালুকদাৰ স্মাৰক বিশিষ্ট শিক্ষাসেৱী বঁটা আগবঢ়োৱা হয় ৷

তাৰোপৰি, কৃতি ছাত্ৰী ভূয়সী মেধিক নৰেন ৰাজবংশী স্মাৰক কৃতী শিক্ষাৰ্থী বঁটা প্ৰদান কৰা হয় ৷ এই বঁটাত আছে কোচ ৰাজবংশীৰ টুপী, পাজা, শৰাই আৰু মানপত্ৰ ৷ এই বটা প্ৰদান অনুষ্ঠানতে “গোহাঁই কমল আলিয়ে ৰিঙিয়াই’’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে অৰুণাচলৰ প্ৰাক্তন ৰাজ্যপাল জ্যোতিপ্ৰসাদ ৰাজখোৱাই । ইয়াৰ পূৰ্বে ৰাতিপুৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী তথা অভিনেতা দিলীপ কুমাৰ দাসে ৷ সাংস্কৃতিক শোভাযাত্ৰা উন্মোচন কৰি দিয়া ভাষণত তেওঁ কয় যে, অসমৰ সকলো জনগোষ্ঠীৰ দৰে কোচ ৰাজবংশী সকলোকো চৰকাৰে সমমৰ্যাদা প্ৰদান কৰিব লগাে । কোচ ৰাজবংশী লোকৰ উন্নয়নৰ কাৰণে বৰ্তমানৰ চৰকাৰে বিবেচনা কৰি থকা বুলিও তেওঁ কয় ৷

লগতে পঢ়ক: Sankardev Sishu Niketan : শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠা দিৱসত কোকৰাঝাৰত বৰ্ণিল শোভাযাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.