অন্ত পৰিল এন এফ ৰে’লৱে কৰ্মচাৰী সন্থাৰ অনশন

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 2:36 PM IST

thumbnail

ৰঙিয়া, 11 জানুৱাৰী : ৰঙিয়াত বিগত ৮ জানুৱাৰীৰ পুৱাৰ পৰা এন এফ ৰে’লৱে কৰ্মচাৰী সন্থাই চলাই থকা অনশনৰ বৃহস্পতিবাৰে অন্ত পৰিল । আঠ জানুৱাৰীৰ পুৱাৰ পৰা কৰ্মচাৰীসকলে উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ মাণ্ডলিক ৰে'ল প্ৰৱন্ধকৰ ৰঙিয়াস্থিত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহি আছিল । প্ৰতিবাদকাৰীসকলে এন পি এছ বন্ধ কৰক, পেন্সন আমাৰ অধিকাৰ, পেন্সন আমাক লাগিবই আদি শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

মূলতঃ নতুন পেন্সন নীতি বন্ধ কৰি পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবী জনাই এন এফ ৰে'লৱে কৰ্মচাৰী সন্থাই প্ৰতিবাদ জনায় । প্ৰতিবাদৰ অন্তত ৰে’ল বিভাগৰ বিষয়া সাৰন্য ভি টি য়ে অনশনকাৰীসকলক ফলৰ ৰস যাচি অনশনৰ অন্ত পেলায় । লগতে প্ৰতিবাদকাৰীসকলে বিষয়াগৰাকীক এখন স্মাৰক পত্ৰও প্ৰদান কৰে । এন এফ ৰে’লৱেৰ কৰ্মচাৰীসকলৰ অনশন প্ৰতিবাদলৈ ৰঙিয়া জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থায়ো সহযোগিতা আগবঢ়ায় ।

প্ৰতিবাদস্থলীত সংগঠনটোৰ ৰঙিয়া জিলা শাখাৰ উপ সভাপতি পৰেশ দাস, সাধাৰণ সম্পাদক লব কুমাৰ দাস সহিতে বিশজনীয়া এটা দল উপস্থিত থাকি প্ৰতিবাদত অংশগ্ৰহণ কৰে । উক্ত প্ৰতিবাদত এন এফ ৰে’লৱে কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক মুনিন শইকীয়া, ৰঙিয়া শাখাৰ সভাপতি অমন কুমাৰ আৰু ৰঞ্জিত বড়ো, সাধাৰণ সম্পাদক জনদ্বীষ ডেকা, শাখা সম্পাদক ৰাতুল আহমেদ প্ৰমুখ্যে প্ৰায় শতাধিক কৰ্মচাৰী উপস্থিত থাকে ।

লগতে পঢ়ক : পেট্ৰলিয়াম ঠিকাভিত্তিক শ্ৰমিকৰ এঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.