কা আন্দোলনৰ পৰা লোকসভা নিৰ্বাচন ২০২৪ লৈ: সাংসদ আব্দুল খালেকৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 7:38 PM IST

thumbnail

গুৱাহাটী, ৯ জানুৱাৰী: সমাগত ২০২৪ৰ লোকসভা নিৰ্বাচন ৷  তাৰ পূৰ্বে দেশৰ গৃহমন্ত্ৰীয়ে ঘোষণা কৰিছে যে শীঘ্ৰেই বলৱৎ হ’ব নাগৰিকত্ব সংশোধনী আইন ৷ দেশজুৰি বলৱৎ হ’ব CAA ৷ অসমত নিৰ্বাচনী ইছ্যু হ’বনে CAA ? কি কয় কংগ্ৰেছ সাংসদ আব্দুল খালেকে ? এইবাৰো হ’ব ধৰ্মীয় মেৰুকৰণ, কিয় ক’লে খালেকে ? বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ সৈতে ইটিভি ভাৰত, অসমৰ ব্যুৰ’ চীফ প্ৰশান্ত কুমাৰ বৰুৱাৰ এক বিশেষ সাক্ষাৎকাৰ...

‘কা’ প্ৰসংগত ড৹ সমুজ্জ্বল ভট্টাচাৰ্যক লৈ খৰ্গহস্ত সাংসদ খালেক ? কিন্তু লুৰীণজ্যোতিৰ গগৈৰ প্ৰশংসাত পঞ্চমুখ সাংসদগৰাকী ৷ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণে ওলট-পালট কৰি পেলালে বৰপেটা লোকসভা সমষ্টি, এইবাৰ ক’ৰ পৰা নিৰ্বাচন খেলিব এইবাৰ লোকসভাত ? ধুবুৰীত আজমলক প্ৰত্যাহ্বান জনাব নেকি আব্দুল খালেকে ?

আজমলৰ বাবে আঙুৰ টেঙা কিয় হ’ল ? আজমলক হিমন্ত বিশ্ব শৰ্মাৰ আঁঠুৱা তলৰ মহ বুলি কিয় ভাবে কংগ্ৰেছ সাংসদজনে ? ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই কি লাভ দিব অসম কংগ্ৰেছক ?

অকল সংখ্যালঘুৰ নেতা নেকি আব্দুল খালেক ? সঁচাকৈ ৰোহিংগীয়াপ্ৰেমী নেকি আব্দুল খালেক ? বৰপেটা সত্ৰ আৰু সুন্দৰীদিয়া সত্ৰক লৈ কি সংসদত কি প্ৰস্তাৱ দিছিল কংগ্ৰেছী সাংসদজনে ? এই সকলো প্ৰশ্নৰ উত্তৰ দিলে আব্দুল খালেকে ৷  

লগতে পঢ়ক: ধাৰ লৈ সংসাৰ চলোৱাটো সহজ: মুখ্যমন্ত্ৰীক চোকা সমালোচনাৰে লুৰীণজ্যোতি গগৈৰ উদাত্ত ভাষণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.