Fire break out: বিধ্বংসী অগ্নিকাণ্ডত ছাঁই হ’ল ছখনকৈ দোকান

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 7:46 AM IST

thumbnail

জোনাই, ২৮ ছেপ্টেম্বৰ: ধেমাজি জিলাৰ জোনাইত বৃহস্পতিবাৰে নিশা প্ৰায় ২.৩০ বজাত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ জোনাই সদৰৰ মাজমজিয়াস্থিত জোনাই বজাৰত সংঘটিত হোৱা অগ্নিকাণ্ডত এটা গুদাম ঘৰৰ লগতে নিমিষতে ভস্মীভূত হয় পাঁচখন গেলামালৰ দোকান আৰু এখন ইলেকট্ৰনিক সমাগ্ৰীৰ দোকান ৷ এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও প্ৰায় কোটি টকাৰো অধিক মূল্যবান সা-সামগ্ৰী জুইত জাহ যায় বুলি জানিব পৰা গৈছে ।

অৱশ্যে এতিয়ালৈ অগ্নিৰ সূত্ৰপাত ক’ৰ পৰা কেনেকৈ হ’ল সেই বিষয়ে সঠিকভাৱে জানিব পৰা হোৱা নাই ৷ যদিও এখন ইলেকট্ৰনিক দোকানৰ পৰা শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । ইয়াৰ পিচতে ঘটনাস্থলীত জোনাই অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নুমুৱাবলৈ আপ্ৰাণ চেষ্টা কৰে ৷

ইয়াৰ পিচতে অৰুণাচলৰ ৰুকচিন অগ্নিনিৰ্বাপক বাহিনী, পাচিঘাট, চিলাপথাৰ আৰু ধেমাজি অগ্নিনিৰ্বাপক বাহিনীৰ মুঠ ছয়খন অগ্নিনিৰ্বাপক বাহিনীয়ে একেলগে উপস্থিত হয় দুঘন্টাৰ অন্তত কোনোমতে জুই নুমুৱাবলৈ সক্ষম হয় ।

লগতে পঢ়ক: Open pit in Guwahati:গুৱাহাটীত উন্মুক্ত গাঁতে মাতিছে বিপদ: গাঁতত পৰিল মটৰচাইকেলসহ যুৱক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.