Gas pipe crack: হাবিচুকত পাইপ ফাটি নিৰ্গমন গেছ, OIL ৰ গুৰুত্বহীনতাৰ অভিযোগ

By

Published : Aug 11, 2023, 11:57 AM IST

thumbnail

ডিব্ৰুগড়, 11 আগষ্ট: ডিব্ৰুগড়ৰ চাবুৱা পানীতোলাৰ হাবিচুকত পাইপ ফাটি ভয়ংকৰভাৱে গেছ নিৰ্গমন । পানীতোলাৰ হাবিচুক গাঁৱত এসপ্তাহতকৈ অধিক দিন ধৰি OIL India ৰ গেছ পাইপ ফাটি ভয়ানকভাৱে গেছ নিৰ্গত হৈ আছে যদিও সাৰ-সুৰ নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ ৷ স্থানীয় ৰাইজে OIL India ক ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা নোলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । 

আনকি ৰাইজৰ অভিযোগৰ পিছত অইল ইণ্ডিয়াই কেৱল মাত্ৰ গেছ নিৰ্গমনৰ ঠাইডোখৰত মাটিৰ বস্তা দি দায়িত্ব সামৰা পৰিলক্ষিত হৈছে । অৱশ্যে তাৰ পাছতো ভয়ংকৰ ৰূপত গেছ দিনে-নিশাই নিৰ্গমন হৈ থকাত অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰিছে । পুৰণি গেছ পৰিবাহী পাইপসমূহ মেৰামতি নকৰাৰ ফলতে এইদৰে পাইপ ফাটি অহৰহ গেছ নিৰ্গমন হৈছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে । 

নিৰ্গমন বন্ধ নকৰিলে পুনৰ চাবুৱা পানীতোলাৰ হাবিচুকত বাঘজানকাণ্ডৰ পুনৰাবৃত্তি হোৱাৰ আশংকা প্ৰকট হৈ পৰা পৰিলক্ষিত হৈছে । অতি শীঘ্ৰে ব্যৱস্থা নল'লে স্থানীয় ৰাইজে OIL খাট বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে ।

লগতে পঢ়ক : Most wanted dacoit arrested: দেশৰ ভিন্ন স্থানত ডকাইতি কৰি অসম আৰক্ষীৰ জালত বন্দী ‘‘বুঢ়া ডকাইত’’

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.