ETV Bharat / state

Most wanted dacoit arrested: দেশৰ ভিন্ন স্থানত ডকাইতি কৰি অসম আৰক্ষীৰ জালত বন্দী ‘‘বুঢ়া ডকাইত’’

author img

By

Published : Aug 11, 2023, 10:35 AM IST

Robber arrested in Kalgachia Barpeta
আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ডকাইত

কলগাছিয়াত ডকাইত গ্ৰেপ্তাৰ । ডকাইতটো কলগাছিয়াৰ আমগুৰি গাঁৱত নিমাই চানৰ পুত্ৰ শ্বাহজাহান আলী ওৰফে বুঢ়া । চলিত বৰ্ষৰ জুন মাহৰ 10 তাৰিখে ডকাইতিকাণ্ড সংঘটিত কৰি পলাতক অৱস্থাত আছিল ডকাইতটো । এসপ্তাহ পূৰ্বে ঘৰলৈ অহাৰ পিছত আৰক্ষীয়ে বুধবাৰে গ্ৰেপ্তাৰ কৰে ।

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ডকাইত

জনীয়া, 11 আগষ্ট: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কৰাৰকুৰ বেকী দলঙত জুন মাহৰ 10 তাৰিখ অৰ্থাৎ শনিবাৰে নিশা সংঘটিত হৈছিল এক ডকাইতি কাণ্ড । ডকাইতৰ দলে লুটি নিছিল নগদ 1,54,500 টকা । বুধবাৰে ডকাইটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

উল্লেখযোগ্য যে, বলাইপাথাৰ গাঁৱৰ হাসেম আলীৰ পুত্ৰ আজিজুল হকে কলগাছিয়া কৰাৰকুৰ বজাৰত প্ৰায় এবছৰ ধৰি চলায় আহিছিল ব্যৱসায় । দোকান সামৰি পূৰ্বৰ দৰেই 10 জুনৰ নিশা প্ৰায় 10 বজাত আজিজুল হক, আজিজুলৰ পত্নী আৰু চাৰি বছৰীয়া সন্তানসহ টকা লৈ ঘৰলৈ ওভতাৰ পথতে বেকী দলঙৰ ওপৰত হঠাৎ দুখনকৈ মটৰ চাইকেল আৰোহীয়ে ব্যৱসায়ী আজিজুল হকক বাইকৰ আগচি ধৰে ।

ছয় জনীয়া ডকাইতৰ দলটোৱে পিষ্টল আৰু ডেগাৰেৰে ভয় ভাবুকি প্ৰদৰ্শন কৰি আজিজুল হকৰ লগত থকা 1,54,500 টকাৰ মোনা আৰু এটা এণ্ড্ৰ’ইড মোবাইল ফোন কাঢ়ি লৈ যায় বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । উল্লেখ্য যে, এই ছয়জনীয়া ডকাইতৰ দলটোৰ মাজৰ পৰা ভুক্তভোগী আজিজুল হকে এজন কলগাছিয়াৰ আমগুৰি গাঁৱৰ নিমাই চানৰ পুত্ৰ শ্বাহজাহান আলী ওৰফে বুঢ়াক চিনাক্ত কৰিব পাৰিছিল ।

ভুক্তভোগী আজিজুল হকে ঘটনা সন্দৰ্ভত কলগাছিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল । কিন্তু অত দিনে শ্বাহজাহান বেংগালুৰুত লুকাই আছিল যদিও এক সপ্তাহ পূৰ্বে ঘৰলৈ অহাৰ পিছতেই বুধবাৰে কলগাছিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । সংবাদ মাধ্যমৰ কেমেৰাৰ আগত ডকাইতিকাণ্ড সংগঠিত কৰা বুলি নিজ মুখে স্বীকাৰ কৰে শ্বাহজাহানে ।

লগতে, উত্তৰ প্ৰদেশ, কোঁচবিহাৰ, বেংগালুৰুৰ লগতে দেশৰ বিভিন্ন স্থানত সংঘটিত কৰা ডকাইতিৰ ঘটনাৰ বিষয়েও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তিনিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ গ্ৰেপ্তাৰ হোৱা তিনিজন আমগুৰি গাঁৱৰ শ্বাহজাহান আলী ওৰফে বুঢ়া, ৰমেজ আলী আৰু কলগাছিয়াৰ মকিবুল বুলি জানিবলৈ দিয়ে । আন তিনিজন ক্ৰমে কোকৰাঝাৰৰ ছানিদুল ইছলাম, ৱাহিদুৰ আৰু আন এজনৰ নাম জানিব পৰা হোৱা নাই লগতে পলাতক অৱস্থাত আছে বুলিও কয় ।

লগতে পঢ়ক : Amit Shah on Manipur: মণিপুৰ সন্দৰ্ভত গৃহমন্ত্ৰীৰ বক্তব্যক প্ৰশংসা মণিপুৰৰ বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.