Sringkhal Chaliha Criticized Govt : বিধানসভাত বহুৱালি চলিছে: শৃংখল চলিহা

By

Published : Apr 13, 2023, 9:50 AM IST

thumbnail

মৰাণ, ১৩ এপ্ৰিল : এই চৰকাৰৰ দিনত উন্নয়ন নাই । বিধানসভাত বহুৱালি চলিছে । মূল বিষয়ৰ পৰা ৰাইজক আঁতৰাই ৰাখিবলৈ চৰকাৰে ৰূপজ্যোতি কুৰ্মীক বিধানসভাত বহুৱালি কৰিবলৈ দিছে (Sringkhal Chaliha criticized Assam Govt) । এই বক্তব্য শৃংখল চলিহাৰ । সদৌ অসম সংখ্যালঘু ছাত্র সন্থা (খিলঞ্জীয়া) ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত মৰাণ জ্ঞানদ্বীপ জাতীয় বিদ্যালয়ৰ প্রাঙ্গণত সমূহীয়া ইফতাৰ মেহফিল অনুষ্ঠানত অংশগ্ৰহণ কৰি বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাই চৰকাৰৰ শেহতীয়া কাম-কাজক লৈ তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয় (Bir Lachit Sena slams BJP govt) ।

বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে কয় য়ে এইখন চৰকাৰৰ দিনত উন্নয়ন নাই, বিধানসভাত বহুৱালিহে চলিছে । ৰাজ্যত পথ নিৰ্মাণ কৰা ঠিকাদাৰক বৃহৎ পৰিমাণৰ বিল দিবলৈ আছে (Bir Lachit Sana on Govt development works)   । ফলত শিৱসাগৰৰ পৰা মৰাণলৈ ৰাষ্ট্ৰীয় ঘাইপথছোৱা জৰাজীৰ্ণ হৈ আছে । এই উন্নয়নমূলক কামত গুৰুত্ব নিদি চৰকাৰে ৰূপজ্য়োতি কুৰ্মীৰ দৰে বহুৱাক বিধানসভাত ৰাখি এইখন চৰকাৰে বহুৱালি কৰিবলৈ দিছে । বিধানসভাত ৰূপজ্যোতি কুৰ্মীৰ বহুৱালি আৰু দাদাগিৰি চলিছে ।

চৰকাৰে ৰাইজক মূল বিষয়সমূহৰ পৰা আঁতৰাই ৰাখিবলৈ ৰূপজ্যোতিৰ দৰে নেতাক বিধানসভাত বহুৱালি কৰিবলৈ সুবিধা কৰি দিছে । আনহাতে, বৰ্তমান চৰকাৰে গামোচাখনৰ মান ৰক্ষা কৰিব পৰা নাই বুলিও অভিযোগ কৰে লাচিত সেনাৰ নেতাগৰাকীয়ে । সেয়ে ৰাইজক এই চৰকাৰৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিবলৈ আহ্বান শৃংখল চলিহাৰ।

লগতে পঢ়ক :Kalgachia Panchayat Corruption : কলগাছিয়াত নলা নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.