Brij Bhushan Case: POCSO গোচৰৰ পৰা মুক্ত হ’ব ব্ৰীজ ভূষণ শৰণ সিং

By

Published : Aug 1, 2023, 9:36 PM IST

thumbnail

নেশ্যনেল ডেস্ক, 1 আগষ্ট: ভাৰতীয় কুস্তি ফেডাৰেচন (WFI)ৰ প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে দাখিল কৰা পকচো গোচৰৰ সন্দৰ্ভত মঙলবাৰে দিল্লীৰ এখন আদালতে জামিন প্ৰদান কৰে । নাবালক মহিলা মল্লযোদ্ধা আৰু তেওঁৰ পিতৃয়ে আদালতৰ সন্মুখত কয় যে গোচৰটোৰ তদন্ত কৰাৰ পিচত দিল্লী আৰক্ষীয়ে দাখিল কৰা বাতিলকৰণ প্ৰতিবেদনত তেওঁলোকৰ কোনো সমস্যা নাই । তেওঁলোক আৰক্ষীৰ বাতিলকৰণ প্ৰতিবেদনত সন্তুষ্ট ৷ এই প্ৰতিবেদন গ্ৰহণ কৰিব লাগে ।

নাবালক মহিলা মল্লযোদ্ধা আৰু তেওঁৰ পিতৃৰ ভাষ্য শুনি, আদালতে বিষয়টোৰ পৰৱৰ্তী শুনানিৰ বাবে 6 ছেপ্টেম্বৰ দিনটো ধাৰ্য কৰে ৷ উল্লেখ্য যে অধিবক্তা অতুল শ্ৰীবাস্তৱে দিল্লী আৰক্ষীৰ হৈ আদালতত উপস্থিত আছিৰ ৷ ইফালে 4 জুলাইত আদালতে দিল্লী আৰক্ষীয়ে 15 জুনত দাখিল কৰা বাতিলকৰণ প্ৰতিবেদনৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ইয়াৰ পিচত অভিযোগকাৰী নাবালক মহিলা মল্লযোদ্ধা আৰু তেওঁৰ পিতৃৰ পৰা আদালতে উত্তৰ বিচাৰে ৷

স্মৰ্তব্য যে বিজেপি সাংসদ তথা ভাৰতীয় কুস্তি ফেডাৰেচনৰ প্ৰাক্তন সভাপতি  ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে প্ৰথমতে এগৰাকী নাবালক মহিলা মল্লযোদ্ধাই যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল । এই ক্ষেত্ৰত, দিল্লী আৰক্ষীয়ে পকচো (POCSO) আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল । 

পিচত, আৰক্ষীয়ে পাটিয়ালা হাউচ আদালতত বাতিলকৰণৰ প্ৰতিবেদন দাখিল কৰি কয় যে পকচো আইনৰ অধীনত ব্ৰীজ ভূষণৰ বিৰুদ্ধে পঞ্জীয়ন কৰা গোচৰটোত কোনো প্ৰমাণ লাভ কৰা হোৱা নাই । একে সময়তে, দিল্লী আৰক্ষীয়ে আদালতক পকচো আইনৰ অধীনত ব্ৰীজ ভূষণৰ বিৰুদ্ধে পঞ্জীয়ন কৰা গোচৰটো বাতিল কৰিবলৈ অনুৰোধ জনাইছিল ।

লগতে পঢ়ক: SC Slams Manipur Police : মণিপুৰ আৰক্ষীক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.