Mysterious death at Goreswar: গোৰেশ্বৰত ৰহস্যজনকভাৱে বোৱাৰীৰ মৃত্যু

By

Published : Nov 20, 2022, 9:17 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

গোৰেশ্বৰৰ গধূলি বজাৰত সংঘটিত হৈছে এক অঘটন ৷ চিপ লোৱা অৱস্থাত উদ্ধাৰ এগৰাকী বোৱাৰীৰ মৃতদেহ ৷ পৰিকল্পিতভাৱে বোৱাৰীগৰাকীৰ স্বামীঘৰৰ মানুহে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ ঘটনাৰ বিৱৰণি মতে, দেওবাৰে পুৱা ১০ বজাত চঞ্চলা বিশ্বাস নামৰ ২৫ বছৰীয়া বোৱাৰীগৰাকীৰ মৃতদেহ চিপ লোৱা অৱস্থাত স্বামীগৃহত উদ্ধাৰ হয় (Sensational murder at Goreswar) ৷ ইয়াৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি (Tense situation at Goreswar) ৷ স্থানীয় লোকৰ লগতে ৱোৱাৰীগৰাকীৰ আত্মীয়ৰ দাবী যে স্বামী শিৱচৰণ মণ্ডল আৰু তেওঁৰ মাতৃয়ে হত্যা কৰি বোৱাৰীগৰাকীক আত্মহত্যাৰ ৰূপ দিছে ৷ কিয়নো বিয়া হোৱাৰ এবছৰ নহওঁতেই বোৱাৰীগৰাকীক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ স্বামী শিৱচৰণ মণ্ডল আৰু শাহুৱেকগৰাকীৰ বিৰুদ্ধে ৷ ইফালে ঘটনাস্থলীত গোৰেশ্বৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ ৷ তাৰ পাচত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰা হয় ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.