সাধাৰণ কৰ্মীৰ পৰা প্ৰাক্তন উগ্ৰপন্থীলৈ সকলোকে লাগে বিজেপিৰ টিকট

By

Published : May 13, 2022, 8:47 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

বৃহস্পতিবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ(KAAC Election 2022) দিন ঘোষণা কৰাৰ লগে লগে বিভিন্ন দলৰ প্ৰাৰ্থী প্ৰত্যাশীসকলৰ মাজত বিশেষ তৎপৰতা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ শাসকীয় ভাৰতীয় জনতা দলৰ টিকট বিচাৰি প্ৰাৰ্থীসকলে ডিফুৰ চাৰিমাইলস্থিত বিজেপি কাৰ্যালয়ত ভিৰ কৰিছে (Karbi Anglong BJP office)৷ প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলৰ বহুতৰে নতুন মুখৰ লগতে বিজেপি দলৰ বহু নিষ্ঠাৱান কৰ্মীয়ে প্ৰাৰ্থীত্বৰ বাবে আবেদন দাখিল কৰা পৰিলক্ষিত হৈছে ৷ আনহাতে ইতিমধ্যে যোৱা চাৰি ছেপ্তেম্বৰত কাৰ্বি শান্তি চুক্তিৰ(Karbi peace accord) জৰিয়তে মূলসূঁতিলৈ ঘূৰি অহা কেইবাজনো প্ৰাক্তন শীৰ্ষ উগ্ৰপন্থী নেতায়ো বিজেপিৰ টিকট বিচাৰি আবেদন কৰিছে ৷ আনহাতে জিলা বিজেপিৰ সভাপতি ধনছিং টেৰণে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, বিজেপিয়ে কাৰ্বি আংলং জিলাৰ সামগ্ৰিক উন্নয়ণৰ ইচ্যুক লৈ নিৰ্বাচনত নামিব ৷

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.