Illegal saw mill seized: চাবুৱাৰ ৰহমৰীয়াত কাঠৰ কুন্দাসহ কাঠ মিল জব্দ

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 7:48 PM IST

thumbnail

ডিব্ৰুগড়,৩১ আগষ্ট: ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰত অবাধে চলি আছে চোৰাং কাঠৰ সৰবৰাহ । এই চোৰাং কাঠ সৰবৰাহ বন্ধ কৰাত ডিব্ৰুগড়ৰ বন বিভাগ ব্যৰ্থ হোৱাৰ পাছতেই বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ চাবুৱা ৰাজহ চক্ৰৰ ৰহমৰীয়াত অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাৰ তীব্ৰ অভিযান । গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে চলিল অভিযান ।  

সংস্থাৰ উপ-অধীক্ষক মঞ্জু আহমেদৰ নেতৃত্বত চলা অভিযানত বৃহৎ পৰিমাণৰ কাঠ আৰু কাঠফলা মিল জব্দ কৰে অভিযানকাৰী দলটোৱে । কেইবাখনো ট্ৰাকত জব্দকৃত কাঠৰ কুন্দাসমূহ উঠাই লৈ যোৱাৰ ব্যৱস্থা কৰে তদন্তকাৰী দলটোৱে । জব্দকৃত কাঠখিনি মূল্যৰ সম্পৰ্কত সংস্থাটোৱে অৱগত কৰা নাই যদিও বিভাগীয় শীৰ্ষ মহলৰ নিৰ্দেশ আৰু গোপন খবৰৰ ভিত্তিত অভিযান চলোৱা হয় বুলি জানিবলৈ দিয়ে ।  

ৰহমৰীয়াত দীৰ্ঘদিন ধৰি চলি আছিল চোৰাং কাঠৰ বেপাৰ । কিন্তু বন বিভাগে কিয় এই চোৰাং কাঠৰ সৰবৰাহ বন্ধ কৰিবলৈ সক্ষম হোৱা নাছিল সেয়া এতিয়া ৰহস্যৰ বিষয় হৈ পৰিছে ।

লগতে পঢ়ক: Subhalakshmi Dutta case: শুভলক্ষ্মীৰ চিকাৰ হৈছিল গৃহৰক্ষী জোৱান অনিল পাটৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.