Yaba Tablet Seized at Manikpur: মাণিকপুৰত 4 সৰবৰাহকাৰীৰসহ 44 হেজাৰ য়াবা টেবলেট জব্দ

By

Published : Aug 17, 2023, 1:57 PM IST

thumbnail

বঙাইগাঁও, 17 আগষ্ট: বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ শাকতলাত আৰক্ষীৰ অভিযান । গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিনয় মালাকাৰৰ নেতৃত্বত বুধবাৰে নিশা আৰক্ষীৰ দলে অভিযান চলাই 2 কোটি 20 লাখ টকাৰ য়াবা টেবলেট জব্দ কৰে ৷ বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ গ্ৰেপ্তাৰ কৰে চাৰি সৰবৰাহকাৰীক । গ্ৰেপ্তাৰ কৰা চাৰি সৰবৰাহকাৰী ক্ৰমে মণিপুৰৰ আবদুল মতলেপ, আলতাব হুছেইন, জিয়াউৰ ৰহমান আৰু হাফিজুৰ ৰহমান । ইয়াৰে হাফিজুৰ ৰহমানৰ ঘৰ পশ্চিমবংগৰ দিনহাটাৰ বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷

আৰক্ষীয়ে জনোৱা অনুসৰি ধৃত সৰবৰাহকাৰীয়ে AS 01U 1600 নম্বৰৰ বাহনখনেৰে ডিমাপুৰৰ পৰা পশ্চিমবংগলৈ গৈ আছিল ৷ বাহনখনৰ টেলৰ টেংকিৰ এটা গোপন কক্ষত 44 হেজাৰ য়াবা টেবলেট কঢ়িয়াই আনিছিল চাৰি সৰবৰাহকাৰীয়ে । ইফালে শাকতলাত তেল ভৰাই থকা অৱস্থাত গেৰুকাবাৰী আৰক্ষীয়ে তালাচী চলাই বাহনখনত ৷ ফলত টেবলেটসহ গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰী কেইটাক ।

লগতে পঢ়ক: Drugs seized at Manikpur: লক্ষাধিক টকাৰ ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.