বিহপুৰীয়াত ডকাইতিকাণ্ড, বুলেটত অহা দুই ডকাইতে আক্ৰমণ কৰিলে যুৱকক

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 9:39 PM IST

thumbnail

বিহপুৰীয়া, 5 ডিচেম্বৰ : ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা ৷ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ সন্তপুৰত চাঞ্চল্যকৰ ডকাইতিকাণ্ড সংঘটিত হৈছে ৷ বুলেটত অহা দুজনীয়া ডকাইতে এজন যুৱকক আক্ৰমণ কৰি 3 লাখ 50 হাজাৰ টকা লুটি লৈ যোৱা বুলি জানিব পৰা গৈছে ৷ ভুক্তভোগী যুৱকজনৰ নাম উদবাদুল মুজাহিদুল বুলি জানিব পৰা গৈছে ৷ 

ভুক্তভোগী যুৱকজনে জনোৱা অনুসৰি, যুৱকজনে ধনখিনি এক্সিচ বেংকত জমা দিবলৈ যাওঁতেই দুজন লোকে আগভেটি ধৰেহি ৷ মটৰচাইকেলত অহা দুজন লোকে যুৱকজনক বগৰাই টকাৰ বেগটো লৈ যুৱকজনক পেটত আৰু মূৰত প্ৰহাৰ কৰে ৷ সম্প্ৰতি যুৱকজনক বঙালমৰা ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ যুৱকজনে দুই দুৰ্বৃত্তই টকাখিনি লৈ বঙালমৰাৰ ফালে যোৱা বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: কলগাছিয়াত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী ৰূপায়ণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.