Dhola robbery case: ঢলাৰ বৰমূৰা মিৰিপথাৰ গাঁৱত ডকাইতি কাণ্ড

By

Published : Jun 14, 2023, 5:34 PM IST

Updated : Jun 14, 2023, 6:10 PM IST

thumbnail

তিনিচুকীয়া,13 জুন: তিনিচুকীয়া জিলাৰ ঢলা আৰক্ষী থানাৰ অন্তৰ্গত বৰমূৰা মিৰিপথাৰ গাঁৱত ডকাইতি কাণ্ড ৷ মিৰিপথাৰ গাঁৱৰ বীৰেন কলিতাৰ বাসগৃহত মংগলবাৰে আবেলি সংঘটিত হয় এই ডকাইতি কাণ্ড ৷ ডকাইতি কাণ্ডক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দুজনীয়া ডকাইতৰ এটা দলে মুখত ক’লা কাপোৰ বান্ধি ঘৰত প্ৰৱেশ কৰিছিল ৷ কিন্তু ঘৰত অকলে আছিল এগৰাকী কিশোৰী ৷ ঘৰত থকা কিশোৰীজনীয়ে চিঞৰ-বাখৰ কৰাত কিশোৰীজনীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ডকাইতৰ দলটোৱে ৷ ইফালে ঘৰটোৰ দুটা স্থানত জুই লগাই দিয়ে দলটোৱে ৷  সমান্তৰালভাৱে আলমাৰী ভাঙি নগদ ধন লৈ যায় ডকাইতৰ দলটোৱে ৷ পৰৱৰ্তী সময়ত কিশোৰীজনীয়ে চিঞৰ-বাখৰ কৰাত ওচৰৰ সকলো ৰাইজ ওলাই অহাত ডকাইতৰ দলটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷  কিছুসময়ৰ পাচত ঘটনাস্থলীত ঢলা আৰক্ষী থানাৰ আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ বাতৰি প্ৰেৰণ কৰাৰ সময়লৈকে এই ঘটনাৰ লগত জড়িত লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷

Last Updated : Jun 14, 2023, 6:10 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.