ETV Bharat / state

Himanta Biswa sarma Militant link: মণিপুৰত বিজেপিৰ চৰকাৰ গঠন কৰাত আছিল উগ্ৰপন্থী সংগঠনৰ হাত !

author img

By

Published : Jun 14, 2023, 8:59 AM IST

Updated : Jun 14, 2023, 9:08 AM IST

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ— নিৰ্বাচন জিকিবলৈ হিমন্ত বিশ্ব শৰ্মাই উগ্ৰপন্থীৰ পৰা সহায় লৈছিল ৷ মণিপুৰত হিমন্ত বিশ্ব শৰ্মা , উগ্ৰপন্থীৰ মাজত হোৱা বুজাবুজিৰ ফলত উগ্ৰপন্থীৰ সহায়ত মণিপুৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল বিজেপিয়ে ৷ এই অভিযানত হিমন্ত বিশ্ব শৰ্মাৰ সহযোগী আছিল আৰএছএচ নেতা ৰাম মাধৱ । উগ্ৰপন্থীৰ সংগঠনৰ পত্ৰত দেশজুৰি চাঞ্চল্য ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিয়ে লগাইছে তোলপাৰ ৷ সৰৱ বিৰোধী ৷

Himanta Biswa sarma Militant link
Himanta Biswa sarma Militant link

গুৱাহাটী, 14 জুন : বিতৰ্কই লগ এৰা নাই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ৷ শেহতীয়াভাৱে উগ্ৰপন্থী সম্বন্ধীয় এক বিষয়ত নাম সাঙোৰ খাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ বৰ্তমান অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি হৈ থকা মণিপুৰত উগ্ৰপন্থীৰ সহায়ত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল বুলি বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৷ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাম মাধৱৰ মধ্যস্থতাত উগ্ৰপন্থী সংগঠন আৰু বিজেপিৰ মাজত নিৰ্বাচন জয়ৰ সহায়ৰ বাবে বুজাবুজি হৈছিল ৷ মণিপুৰৰ এটা উগ্ৰপন্থী সংগঠনৰ নেতাৰ পত্ৰত প্ৰকাশ পাইছে এই বিস্ফোৰক তথ্য ৷

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত এটা বাতৰিৰ এই তথ্যই তোলপাৰ লগাইছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো ৷ আনকি এতিয়া কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই নিয়াই(NIA) উগ্ৰপন্থী সংগঠন আৰু ৰাজনৈতিক নেতাৰ যোগসূ্ত্ৰ সন্দৰ্ভত গোচৰ ৰুজু কৰিবনে বুলি প্ৰশ্ন উত্থাপন কৰিছে ? লগতে বিজেপি সভাপতি জেপি নাড্ডাই ব্যৱস্থা ল’বনে বুলি প্ৰশ্নৰ অৱতাৰণা কৰিছে ?

উগ্ৰপন্থী সংগঠনৰ সৈতে বুজাবুজি কৰি হিমন্ত বিশ্ব শৰ্মাই শপত ভংগ কৰা নাইনে বুলিও প্ৰশ্ন উত্থাপন হৈছে ? লক্ষণীয় বিষয় যে মণিপুৰত মুঠ 32 টা কুকি উগ্ৰপন্থী সংগঠন আছে ৷ বৰ্তমান ইয়াৰে 25 টা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগত হোৱা বুজাবুজি অনুসৰি যুদ্ধবিৰতি অৱস্থাত আছে ৷ ইয়াৰ ভিতৰত কুকি নেচনেল অৰ্গেনাইজেশ্যনৰ তত্বাৱধানত 17 টা সংগঠনে যুদ্ধবিৰতিৰ চুক্তিত স্বাক্ষৰ কৰিছে ৷ বিপৰীতে ইউ পি এফৰ অধীনত 8 টা সংগঠনে স্বাক্ষৰ কৰি যুদ্ধ বিৰতিত আছে ৷

শেহতীয়াভাৱে মণিপুৰৰ হিংসাৰ বাবে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই সংগঠনসমূহক জগৰীয়া কৰাৰ পিচত কুকি সংগঠনসমূহ জাঙুৰ খাই উঠিছে ৷ একে সময়তে পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত তোলপাৰ লগোৱা পৰিলক্ষিত হৈছে উগ্ৰপন্থী নেতাৰ পত্ৰখনে ৷ উগ্ৰপন্থীৰ সৈতে সঁচাকৈয়ে সংযোগ আছিল নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুলিও প্ৰশ্নৰ অৱতাৰণা হৈছে ?

মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজৰ সংঘাতত এতিয়া জৰ্জৰিত হৈ পৰিছে মণিপুৰৰ ভূমি ৷ তাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত চাঞ্চল্যকৰ পত্ৰখন পোহৰলৈ অহাত বিষয়টোৱে লাভ কৰিছে বিশেষ চৰ্চা ৷ পত্ৰখনত উল্লেখ থকা অনুসৰি 2017 চনত কুকি উগ্ৰপন্থী সংগঠনৰ সহায় লৈ মণিপুৰত শাসনলৈ আহিছিল বিজেপি মুখ্যমন্ত্ৰী হৈছিল এন বীৰেন সিঙ ৷

আনকি মণিপুৰৰ কুকি উগ্ৰপন্থী সংগঠনৰ নেতাই 2019 চনতেই গৃহমন্ত্ৰী অমিত শ্বাহকো পত্ৰযোগে এই কথা অৱগত কৰিছিল বুলি উল্লেখ কৰা হৈছে ৷ শেহতীয়াকৈ যুদ্ধবিৰতিত থকা উগ্ৰপন্থী সংগঠন ইউনাইটেড কুকি লিবাৰেশ্যন ফ্ৰণ্টৰ অধ্যক্ষ এছ এছ হাওকিপে নিয়া আদালতত দাখিল কৰা এক শপতনামাত এই বিস্ফোৰক পত্ৰখন সংলগ্ন কৰা হৈছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিটোত উল্লেখ কৰা হৈছে ৷

পত্ৰখনত উগ্ৰপন্থী নেতাজনৰ স্পষ্ট ভাষ্য, “মণিপুৰত বিজেপিৰ চৰকাৰ গঠন কৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলো মই ৷ ক’বলৈ গ’লে আমি সমৰ্থন নকৰিলে মণিপুৰত বিজেপিয়ে চৰকাৰ গঠন কৰাটো অসম্ভৱ আছিল ৷ আনকি শেহতীয়া লোকসভা নিৰ্বাচনতো আমাৰ অঞ্চলৰ 80-90 শতাংশ ভোট বিজেপিয়ে লাভ কৰিছে ৷”

মণিপুৰৰ শেহতীয়া অগ্নিগৰ্ভা পৰিস্থিতিৰ বাবে এন বীৰেন সিঙ নেতৃত্বাধীন চৰকাৰখনে যুদ্ধবিৰতিত থকা কুকি উগ্ৰপন্থী সংগঠনসমূহক জগৰীয়া কৰাৰ পিচতে পোহৰলৈ আহিছে 2019 চনতে লিখা এই পত্ৰখন ৷ পত্ৰখনে অসম প্ৰদেশ কংগ্ৰেছৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ সমান্তৰালভাৱে নিয়াৰ ভূমিকা সন্দৰ্ভতো প্ৰশ্ন উত্থাপিত হৈছে ?

তাৎপৰ্যপূৰ্ণ বিষয় যে, মণিপুৰৰ উগ্ৰপন্থী নেতাৰ এই বিস্ফোৰক পত্ৰ সন্দৰ্ভত তথা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো বিশেষ তোলপাৰ লগৱো বাতৰিটো তথা পত্ৰ সন্দৰ্ভত সদা সৰৱ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৌনতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : BJP IT Cell : সামাজিক মাধ্যমত নিম্ন প্ৰদৰ্শন ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাৰ

Last Updated : Jun 14, 2023, 9:08 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.