ETV Bharat / state

BJP IT Cell : সামাজিক মাধ্যমত নিম্ন প্ৰদৰ্শন ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাৰ

author img

By

Published : Jun 14, 2023, 7:24 AM IST

ক’লৈ গ’ল বিজেপিৰ সামাজিক মাধ্যমৰ বীৰ যোদ্ধাসকল ? নিষ্ক্ৰিয় হৈ পৰা ৰণুৱাক কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ মন্ত্ৰণা ৷ অসমৰ আইটি চেলৰ সামাজিক মাধ্যমত নিষ্ক্ৰিয়তাক লৈ ক্ষুণ্ণ ৰাষ্ট্ৰীয় নেতৃত্ব ৷ আনকি দলটোৰ নিজা তথ্য অনুসৰিয়েই অসমত আপ আৰু কংগ্ৰেছতকৈও সামাজিক মাধ্যমত নিম্ন প্ৰদৰ্শন ৰাজ্যিক বিজেপিৰ কৰ্ম কৰ্তাৰ ৷

State BJP social media departments workshop
শংকৰদেৱ কলাক্ষেত্ৰত সম্পন্ন সামাজিক মাধ্যমৰ দলীয় কাৰ্যকৰ্তাসকলৰ কৰ্মশালা

গুৱাহাটী, 14 জুন : ৰাজ্যৰ বিজেপি দলৰ আই টি কোষৰ সদস্যসকল এসময়ত আছিল সামাজিক মাধ্যমত আছিল দুৰন্ত ৰণুৱা ৷ দল আৰু চৰকাৰৰ বিৰুদ্ধে কোনোৱে এষাৰ ক’লেই বীৰদৰ্পে এইসকলে জপিয়াই পৰিছিল সামাজিক মাধ্যমত ৷ বিৰোধী কোনোৱেই তিষ্টিব পৰা নাছিল এইসকল সামাজিক মাধ্যমৰ অক্লান্ত যোদ্ধাৰ ওচৰত ৷ কিন্তু সময়ৰ কালক্ৰমত সামাজিক মাধ্যমত এতিয়া নীৰৱ, নিষ্প্ৰভ হৈ পৰিছে দলটোৰ আই টি কোষৰ সদস্যসকল ৷

লক্ষণীয়ভাৱে, এইসকলে নিজৰ দল বা চৰকাৰৰ গুণ-গান গাই আগৰ দৰে প্ৰশংসা আৰু প্ৰত্যাক্ৰমণত জঁপিয়াই পৰা আজিকালি পৰিলক্ষিত নহয় ৷ যিয়ে অস্বস্তিত পেলাইছে বিজেপি দলটোক ৷ সেয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মঙলবাৰে জিলা আৰু মণ্ডল পৰ্যায়ৰ সামাজিক মাধ্যমৰ দলীয় কাৰ্যকৰ্তাসকলৰ এক কৰ্মশালাৰ আয়োজন কৰে দলটোৱে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি এই কৰ্মশালাত সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱলোচন দাস, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, তথ্য-প্ৰযুক্তি বিভাগৰ আহ্বায়ক অমিতাভ ভট্টাচাৰ্য আৰু সামাজিক মাধ্যমৰ ৰাজ্যিক আহ্বায়ক জিতাংকুৰ দাসে অংশগ্ৰহণ কৰি সামাজিক মাধ্যমৰ সেনানীসকলক আগন্তুক কাৰ্যক্ৰমণিকা সন্দৰ্ভত অৱগত কৰে ।

কৰ্মশালাখনিত অন্তৰংগ আলাপ শিতানত জিলাৰ কাৰ্যকৰ্তাসকলে নিজৰ মনৰ অসন্তোষৰ কথা দলটোৰ নেতৃত্বৰ আগত বাখ্যা কৰে । শেহতীয়াভাৱে স্মাৰ্ট মিটাৰ আৰু বিদ্যুতৰ মাচুল বৃদ্ধি, ধাৰাবাহিক জলবিস্ফোৰণ, একাংশ বিজেপি নেতাৰ উদ্ভত মন্তব্য, নিযুক্তি বিতৰ্ক আদিয়ে জুৰুলা কৰা পৰিলক্ষিত হৈছে বিজেপি দল তথা চৰকাৰখনক ৷ সামাজিক মাধ্যমত চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে যদিও আইটি চেলৰ পূৰ্বৰ তৎপৰতা নাই ৷

উল্লেখ্য যে, 2014, 2019 চনৰ লোকসভা আৰু 2016, 2021 চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপিৰ জয়ত প্ৰভূত অৰিহণা আছে বিজেপিৰ আইটি চেলৰ ৷ কিন্তু এইসকল সম্প্ৰতি নিস্প্ৰভ হৈ পৰাত হাহাকাৰ লাগিছে ৰাজ্যিক বিজেপিত ৷ আনহাতে বিজেপিৰ ভিতৰুৱা তথ্যমতে অসমৰ আইটি চেলৰ সামাজিক মাধ্যমত নিষ্ক্ৰিয়তাক লৈ ক্ষুণ্ণ হৈ পৰিছে ৰাষ্ট্ৰীয় নেতৃত্ব ৷ আনকি দলটোৰ নিজা তথ্য অনুসৰিয়েই অসমত আপ আৰু কংগ্ৰেছতকৈও সামাজিক মাধ্যমত নিম্ন প্ৰদৰ্শন ৰাজ্যিক বিজেপিৰ ৷ যাৰ বাবে সামাজিক মাধ্যম শক্তিশালী কৰি তুলিবলৈ ৰাজ্যিক বিজেপিলৈ কঢ়া নিৰ্দেশ প্ৰদান কৰিছে ৰাষ্ট্ৰীয় নেতৃত্বই ৷

উল্লেখযোগ্য বিষয় যে, ইয়াৰ পূৰ্বে 29 মে’ৰ দিনাও ৰাজ্যৰ আইটি কোষৰ লগতে সামাজিক মাধ্যমৰ কৰ্মকৰ্তাৰ সৈতে এখন বিশেষ বৈঠকৰ আয়োজন পৰিছিল দলটোৱে ৷ অৱশ্যে বৈঠকলৈ বহু কেইখন জিলাৰ কৰ্মকৰ্তাক নিমন্ত্ৰণ নকৰাত মুকলি অসন্তুষ্টি প্ৰকাশ কৰি কেইবাখনো জিলাৰ সামাজিক মাধ্যমৰ পুৰণি সদস্যই পদত্যাগ কৰে বুলি জানিবলৈ পৰা গৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিটো কোষৰ পৰা 70 জনকৈ সামাজিক মাধ্যমৰ কৰ্মকৰ্তাক নিমন্ত্ৰণ জনায় মঙলবাৰ অৰ্থাৎ 13 জুনৰ দিনা জিলা আৰু মণ্ডল পৰ্যায়ৰ কৰ্মকৰ্তাৰ বৈঠকখন অনুষ্ঠিত কৰিবলগীয়া হয় ৷

ৰাজ্যিক বিজেপিৰ সামাজিক মাধ্যমৰ কৰ্ম কৰ্তাসকলৰ মৰহি যোৱা উৎসাহ ঘূৰি আহিবনে তথা দলটোক সমাগত নিৰ্বাচনী বৈতৰণী পাৰ কৰাবলৈ সক্ষম হ’বনে সেয়া হৈছে বৰ্তমান সময়ৰ এক গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷

লগতে পঢ়ক : water explosion in Guwahati : ৰাইজে নিজৰ ব্যৱস্থা নিজেই লওক;মীৰা বৰঠাকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.