Road accident in Jonai: জোনাইত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত পাঁচগৰাকীকৈ লোক

By

Published : Nov 1, 2022, 1:47 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident) । দুৰ্ঘটনাত গুৰুতৰভাৱে আহত পাঁচগৰাকীকৈ লোক । দুগৰাকীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে AMCH লৈ প্ৰেৰণ । জোনাইৰ ৰতকে গাঁৱৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনা । প্ৰাৰম্ভিক তথ্য অনুসৰি জানিব পৰা মতে, ৰোগী কঢ়িওৱা এখন তিনিচকীয়া যাত্ৰীবাহী অটো জোনাইৰ পৰা ঘৰ অভিমুখে ঘূৰি অহা অৱস্থাতে একেটা দিশৰ পৰা অহা এখন স্কুটিৰ সৈতে সংঘৰ্ষ হোৱাত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোত মুঠ পাঁচগৰাকী লোক গুৰুতৰভাৱে আহত হয় । আহত লোককেইজনক স্থানীয় ৰাইজৰ সহযোগত ততাতৈয়াকৈ জোনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । যদিও অৱস্থা সংকটজনক হোৱাত ক্ৰমে দিপাঞ্জলী মেদক আৰু হিৰামণি টায়েক উন্নত চিকিৎসাৰ ভাৱে AMCH লৈ‌ প্ৰেৰণ‌ কৰে ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.