তিতাবৰত চাহ শ্ৰমিক কঢ়িওৱা বাছ দুৰ্ঘটনাগ্ৰস্ত : কথমপি প্ৰাণৰক্ষা ২৩ শ্ৰমিকৰ

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 9:41 PM IST

thumbnail

যোৰহাট, ৮ ডিচেম্বৰঃ যোৰহাট জিলাৰ তিতাবৰত আজি সন্ধিয়া সংঘটিত হয় এক পথ দুৰ্ঘটনা । চাহ শ্ৰমিক কঢ়িওৱা এখন বাছে বিদ্যুৎ পৰিবাহী খুটাত খুন্দিওৱাৰ ফলত কথমপি প্ৰাণৰক্ষা পৰে ২৩ গৰাকীকৈ চাহ শ্ৰমিকৰ । কাছজান চাহ বাগিচাৰ পৰা বৰহোলা অভিমুখে গৈ থকা AS24-5432 নম্বৰৰ শ্ৰমিক কঢ়িয়াই নিয়া বাছখনৰ সন্মুখত এখন অ'টই অগা-দেৱা কৰাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বিদ্যুৎ পৰিবাহী খুঁটাত খুন্দা মাৰে ।

এই ঘটনাত বাছখনত থকা ২৩ গৰাকী শ্ৰমিকৰ ভিতৰত পাঁচগৰাকী চাহ শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বাকীসকল শ্ৰমিকো কম পৰিমাণে আঘাতপ্ৰাপ্ত হয় । এই সমস্ত ঘটনাটো বাছখনৰ কৰ্তৃপক্ষই গাপ দিবলৈ চেষ্টা কছে । পিচত ঘটনাস্থলীত মাধপুৰ আৰক্ষী উপস্থিত হৈ আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ আত্মনির্ভৰ অসম অভিযানৰ আবেদন দাখিলৰ প্ৰক্ৰিয়া মুকলি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.