ETV Bharat / state

মুখ্যমন্ত্ৰীৰ আত্মনির্ভৰ অসম অভিযানৰ আবেদন দাখিলৰ প্ৰক্ৰিয়া মুকলি

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 8:44 PM IST

২৩ ছেপ্টেম্বৰত মুকলি কৰা মুখ্যমন্ত্ৰীৰ আত্মনির্ভৰ অসম অভিযানৰ আবেদন দাখিল প্ৰক্ৰিয়াৰ শুভাৰম্ভ । ২ লাখ যুৱক-যুৱতীয়ে লাভ কৰিব দুই লাখকৈ টকা । এক লাখ টকা ৰাজসাহায আৰু এক লাখ টকা সুদবিহীন ঋণ। আঁচনিখনৰ বাবে চৰকাৰে ব্যয় কৰিব চাৰি হাজাৰ কোটি টকা ।

Chief Minister Himanta Biswa Sarma
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ৮ ডিচেম্বৰঃ মুকলি হ'ল মুখ্যমন্ত্ৰীৰ আত্মনির্ভৰ অসম অভিযানৰ আবেদন দাখিল প্ৰক্ৰিয়া । শুকুৰবাৰে দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আত্মনির্ভৰ অসম অভিযানৰ আবেদন দাখিল প্ৰক্ৰিয়াৰ শুভ উদ্বোধনী কৰে । উল্লেখ্য যে ২৩ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰা মুখ্যমন্ত্ৰীৰ আত্মনির্ভৰ অসম অভিযানৰ আবেদন দাখিল প্ৰক্ৰিয়া আজিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে ।

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত আধুনিক অসম আত্মনির্ভৰ অসমৰ উদ্যোগ গ্ৰহণ কৰা হৈছে । এই প্ৰক্ৰিয়াৰ শুভ উদ্বোধনী কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে আমাৰ যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে । এই আঁচনিৰ লক্ষ্য হৈছে অসমত যুৱ উদ্যোগী গঢ়ি তোলা আৰু প্ৰতিবছৰে ১ লাখকৈ যুৱক যুৱতীক উদ্যোগী হিচাপে গঢ়ি তোলাৰ চিন্তা কৰা হৈছে ।

দুই লাখ যুৱক যুৱতীক আঁচনিখনে সামৰি ল'ব বুলি সদৰী কৰি মুখ্যমন্ত্রী গৰাকীয়ে কয় যে তেওঁলোকে দুই লাখ টকাকৈ লাভ কৰিব । ইয়াৰে ১ লাখ টকা ৰাজ সাহায্য হিচাপে লাভ কৰিব আৰু বাকী ১ লাখ টকা সুদবিহীন ঋণ হিচাপে লাভ কৰিব । ১০ বছৰৰ ভিতৰত ঋণ হিচাপে লোৱা ১ লাখ টকা ঘূৰাই দিব লাগিব । আঁচনিখনত বৰ্তমানলৈ ২২৯১৪৫ গৰাকী লোকে পঞ্জীয়ন কৰিছে । আবেদনকাৰীয়ে আজিৰ পৰা ৪৫ দিনৰ ভিতৰত আবেদন কৰিব পাৰিব । এই আঁচনিৰ বাবে মুঠ ৪ হাজাৰ কোটি টকা খৰচ হ'ব বুলি মুখ্যমন্ত্রীয়ে কয় ।

মুখ্যমন্ত্রীয়ে লগতে কয় যে আঁচনিৰ ধন লৈ যাতে কোনেও মোবাইল নাইবা বাইক কিনাৰ কথা নাভাবে । আঁচনিত ধন দুটা কিস্তিত দিয়া হ'ব । আনহাতে, বিভিন্ন ক্ষেত্রত দক্ষতা সম্পন্ন যুৱক-যুৱতীক ৫ লাখ টকা দিয়া হ'ব । সকলোকে লগত লৈ অসমখনক স্বাৱলম্বী কৰাৰ সপোন দেখাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে টাটা গ্রুপে অসমত ছেমি কনডাক্টৰৰ এটা প্ৰকল্প স্থাপন কৰিব বিচাৰিছে । ইয়াৰ বাবে জাগীৰোডত প্ৰায় ৪০,০০০ কোটি টকাৰ ইলেক্ট্ৰনিক প্ৰকল্পৰ বাবে টাটা গ্ৰুপে আবেদন কৰিছে ।

প্ৰাৰম্ভিক অৱস্থাত টাটাই অসমৰ এহাজাৰ লৰা-ছোৱালী বিচাৰিছে বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় । উক্ত অনুষ্ঠানত মন্ত্রী অতুল বৰা, বিমল বড়া, পৰিমল শুক্লবৈদ্য, ৰণজিৎ কুমাৰ দাস আৰু ইউ জি ব্ৰক্ষ্মকে ধৰি ভালেসংখ্যক চৰকাৰী বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক:৮৩৯ গৰাকী প্ৰাৰ্থীক চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.