ETV Bharat / state

৮৩৯ গৰাকী প্ৰাৰ্থীক চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 7:20 PM IST

Assam CM distributes appointment letters
appointment letters of PNRD

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ৫৯৯ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান । লোকনিৰ্মাণ বিভাগত ২৪০ গৰাকী সহকাৰী অভিযন্তা নিযুক্তি । ২০২১ চনৰ মে' মাহৰ পৰা আজি পৰ্যন্ত ৮৮,০৮০ টা নিয়মীয়া নিযুক্তি দিবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰ । বৰ্তমান ৰাজ্যখন দ্ৰুত গতিত বিকাশৰ পথত আগুৱাই গৈছে ।

৮৩৯ গৰাকী প্ৰাৰ্থীক চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ৮ ডিচেম্বৰ: এক লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে অগ্ৰসৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ । এই লক্ষ্যৰ অংশ স্বৰূপে শুকুৰবাৰে ৰাজ্য চৰকাৰে মুঠ ৮৩৯ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে । ইয়াৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা ৫৯৯ গৰাকী প্ৰাৰ্থীলৈ আৰু লোকনিৰ্মাণ বিভাগৰ দ্বাৰা ২৪০ গৰাকী সহকাৰী অভিযন্তা পদৰ প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ বিতৰণ কৰা হয় ।

এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই নিযুক্তি পত্ৰ প্ৰদান কৰে । নিযুক্তি পত্ৰ বিতৰণ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে ২০২১ চনৰ মে' মাহৰ পৰা আজি পৰ্যন্ত ৮৮,০৮০ টা নিয়মীয়া নিযুক্তি দিবলৈ সক্ষম হৈছে ।

বৰ্তমান ৰাজ্যখন দ্ৰুত গতিত বিকাশৰ পথত আগুৱাই গৈছে বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ২০১৬ তথা ২০২১ চনৰ তুলনাত ৰাজ্যখনৰ বিনিয়োগৰ পৰিমাণ বহু গুণে বৃদ্ধি পাইছে । পূৰ্বৰ ৪২ হাজাৰ কোটি টকাৰ ৰাজ্য চৰকাৰৰ বিনিয়োগৰ পৰিমাণ এতিয়া ১লাখ ৩০ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে । আনহাতে জিডিপি এই বছৰ ৬.৫ লাখ কোটি টকা হোৱাৰ সম্ভাৱনা আছে ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যখনৰ বিকাশৰ মূল ট্ৰিগাৰ পইণ্ট মূলধনী ব্যয় অৰ্থাৎ কেপিটেল ইনভেষ্টমেণ্ট এসময়ত যথেষ্ট সীমিত আছিল । বিগত তিনি বছৰত ৰাজ্যৰ মূলধনী ব্যয় ক্ৰমাগতভাৱে বৃদ্ধি হৈছে । যাৰ ফলত ৰাজ্য চৰকাৰে নিজাকৈ আন্তঃগাঁঠনি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে ।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আইকনিক প্ৰজেক্টৰ প্ৰসংগত কয় যে গুৱাহাটীৰ নেহৰু পাৰ্কক আইকনিক প্ৰজেক্টলৈ ৰূপান্তৰিত কৰিব বিচৰা হৈছে । বিমান বন্দৰৰ পৰা গুৱাহাটীলৈ সোমোৱা পথটো ছয়লেনযুক্ত কৰিব বিচৰা হৈছে । সেইদৰে কামাখ্যা মন্দিৰত নিৰ্মাণ কৰা হ'ব ক'ৰিডৰ । লোকনিৰ্মাণ বিভাগে বহু কাম হাতত লোৱাৰ কথা মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে ।

আনহাতে মুখ্যমন্ত্ৰীয়ে বিভাগীয় অভিযন্তাসকলৰ দক্ষতাৰ প্ৰসংগত প্ৰশ্ন উত্থাপন কৰি কয় যে ৭০ শতাংশ অভিযন্তাই ঠিকাদাৰৰ ওপৰত নিৰ্ভৰশীল হৈ কাম কৰে । তেওঁলোকৰ বিচক্ষণতাৰ অভাৱ আছে । এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰিক জ্ঞানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে । অসমখনক আগুৱাই লৈ যোৱাৰ প্ৰসংগৰে ৰাজ্যৰ আত্মসহায়ক গোট সমূহৰ গুৰুত্ব সম্পৰ্কে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমত নাৰী শক্তিৰ ব্যাপক অভ্যুত্থান হৈছে ।

মুখ্যমন্ত্ৰীয়ে লোকনিৰ্মাণ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তি লাভ কৰা সকলক শুভেচ্ছা জ্ঞাপন কৰি নিজৰ কৰ্তব্য আৰু দ‍ায়িত্ব নিষ্ঠাৰে পালন কৰাৰ বাবে আহ্বান জনায় । অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপৰিও ভালেসংখ্যক চৰকাৰী বিষয়া উপস্থিত আছিল ।

লগতে পঢ়ক: ৰাজ্যজুৰি পঞ্চমদিনাও বন্ধ ৰন্ধন গেছৰ যোগান; পণবন্দী লাখ-লাখ ৰন্ধন গেছৰ গ্ৰাহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.