Eviction Drive in Nagaon: ৰেলৱে ভূমিৰ পিছত নগাঁৱৰ কলঙৰ পাৰতো চলিব উচ্ছেদ

By

Published : Nov 12, 2022, 10:18 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

তৃতীয় দিনাও অব্যাহত ৰাখিছে নগাঁও জিলা প্ৰশাসন আৰু ৰেল বিভাগৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা উচ্ছেদ অভিযান(Railway eviction drive at Nagaon) । নগাঁও চহৰৰ মৰিকলংস্থিত নগাঁও ৰেল ষ্টেচনৰ কাষৰ ৰেলৱেৰ মাটিত অবৈধ ভাবে বেদখল(Encroachment near Nagaon railway station) কৰি থকা বাসগৃহ উচ্ছেদৰ পিছত শনিবাৰে চিভিল গেইটলৈকে চলায় উচ্ছেদ অভিযান । নগাঁও জিলা প্ৰশাসনৰ সহযোগত ৰেল বিভাগে বিগত তিনিটা দিনত পাঁচ শতাধিক বেদখলকাৰীক উচ্ছেদ কৰে । নগাঁৱৰ কলঙৰ পাৰসমূহ বে-দখল কৰি বসবাস কৰি থকা স্থানসমূহতো চলিব এই উচ্ছেদ অভিযান । তাৎপৰ্যপূৰ্ণ যে নগাঁও চহৰৰ মাজেদি বৈ যোৱা কলঙৰ পাৰৰ ভূমি বেদখল কৰি একাংশ লোকে ঘৰ দুৱাৰ সাজি বসবাস কৰি আছিল । পূৰ্বতেও জিলা প্ৰশাসনে এই লোকসকলক উচ্ছেদ চলোৱাৰ কথা ঘোষণা কৰিছিল যদিও চলোৱা নাছিল কোনো উচ্ছেদ অভিযান ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.