Doriya Bridge in Majuli : বয়স বাঢ়িল আয়ুস কমিল দৰিয়া দলঙৰ, চিন্তিত মাজুলীয়াল

By

Published : Aug 10, 2023, 1:30 PM IST

thumbnail

মাজুলী,10 জুলাই: মাজুলীৰ প্ৰথমখন পকী দলং আছিল দৰিয়া দলং । কিন্তু বাৰ্ধক্যই স্পৰ্শ কৰা দলংখনৰ বাবে আহিছে এতিয়া চৰম ভাবুকি ৷ দৰিয়া দলংৰ কিছু অংশত মেলিছে ফাঁট । লোক নিৰ্মাণ বিভাগৰ অভিযন্তাৰ তথ্য অনুসৰি দলংখনৰ তলৰ অংশত ফাঁট মেলিছ ৷ যাৰ বাবে দলংখনৰ কাষতে এখন জাননী আঁৰি দিয়া হৈছে ৷ য’ত উল্লেখ কৰা আছে বাণিজ্যিক বাহন চলাচল বন্ধ কৰা ।

উল্লেখ্য যে, 2010 চনত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই মুকলি কৰিছিল দলংখন । মাজুলীৰ মূল পথত থকা এই দলঙেৰে গুৱাহাটী লৈ নৈশ বাছ, লখিমপুৰ ধেমাজিলৈ চলাচল কৰে বিভিন্ন বাহন । কিন্তু দলঙখনৰ খুঁটাত ওলাইছে বৃহৎ বৃহৎ ফাঁট ৷  তাকে লৈ চিন্তিত মাজুলীবাসী ৷ মাত্ৰ 22 বছৰতে মাজুলীৰ প্ৰথমখন পকী দলঙত ফাঁট মেলাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাজুলীৰ বিভিন্ন দল-সংগঠনে ৷ 

লগতে পঢ়ক: Wild elephant terror: মাজুলীত বন্যহস্তীৰ জাকে ভাঙিলে চাৰিটা বাসগৃহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.