চাহ বাগিচাৰ যুৱকক হত্যা, মৃতদেহ লৈ থানাৰ সন্মুখত প্ৰতিবাদ ক্ষুব্ধ ৰাইজৰ

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 8:06 PM IST

thumbnail

তিনিচুকীয়া, ৬ জানুৱাৰী : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ টঙনা আৰক্ষী থানাৰ সন্মুখত ৰাইজৰ উত্তাল প্ৰতিবাদ ৷ সন্মুখত মৃতদেহ থৈ থানা ঘেৰাও কৰিলে শতাধিক লোকে । আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি লোকসকলে পথ অৱৰোধৰ কাৰ্যসূচীও গ্ৰহণ কৰে । এক হত্যাকাণ্ডক কেন্দ্ৰ কৰি উত্তাল হৈ পৰে টঙনা আৰক্ষী থানা ।

জানিব পৰা মতে কাকপথাৰৰ টঙনা আৰক্ষী থানাৰ অন্তৰ্গত টঙনা গাঁও চাহ বাগিচাৰ টেঙাবাৰী লাইনৰ ডমনিক লাক্ৰা নামৰ এজন যুৱকক কোনো দুৰ্বৃত্তই কিছুদিন পূৰ্বে হত্যা কৰি মৃতদেহ পেলাই থৈ গৈছিল । যোৱা ৩ ডিচেম্বৰৰ নিশা ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈছিল যুৱকজন আৰু ৪ ডিচেম্বৰত এখন চাহ বাগিচাত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হৈছিল যুৱকজনৰ মৃতদেহ ৷ কিন্তু মৃতদেহ উদ্ধাৰৰ ২৪ ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো আৰক্ষীয়ে হত্যাকাৰীক বিচাৰি উলিয়াব পৰা নাই ।

হত্যাকাৰীক গ্ৰেপ্তাৰৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ কৰিছে গাঁওবাসীয়ে । অৱশেষত শনিবাৰে যুৱকজনৰ মৃতদেহ লৈ থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিলে ক্ষোভিত ৰাইজে । যুৱকজনৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে ভুক্তভোগী পৰিয়ালটোক ক্ষতিপূৰণৰ দাবী কৰে প্ৰতিবাদকাৰী লোকসকলে ।

লগতে পঢ়ক :তিনিচুকীয়াত বেংক জালিয়াতিৰ চিকাৰ হ'ল দুজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.